ধুবুৰীত জাৱেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে ৰঞ্জিত দাসে

জাৱেদ ইছলামৰ ফাইল ফটো।উৎস-ইণ্টাৰনেট

ধুবুৰীত শুকুৰবাৰে অগপ আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী জাৱেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু অগপৰ সভাপতি অতুল বৰাই।

নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি ৰঞ্জিত দাসে সমষ্টিটোৰ এ আই য়ু ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিনৰ অনুকৰণত উপস্থিত ৰাইজৰ মাজত বটলত অনা পানী জৰা-ফুকা কৰি আজমলক সমালোচনা কৰে। দাসে ভাষণত ধুবুৰীত আজমলে পানী জৰা-ফুকা কৰি ইমান দিনে ৰাইজক ঠগাই অহা বুলি মন্তব্য কৰি এইবাৰ নিৰ্বচনত এ আই য়ু ডি এফক ধুবুৰীৰ পৰা জনসাধাৰণে বিদায় দিব বুলি কয়।

আনহাতে, অগপৰ প্ৰাৰ্থী জাৱেদ ইছলামে সংবাদ মাধ্যমৰ আগত ধুবুৰীত আজমলৰ দুৰ্গত খহিবলৈ আৰম্ভ কৰিছে বুলি কয়। বদৰুদ্দিন আজমলে শংকিত হৈ যিকোনো প্ৰকাৰে কংগ্ৰেছৰ লগত মিত্ৰতা কৰিবলৈ বিছাৰিছে বুলি ইছলামে মন্তব্য কৰে।

অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী জেহেৰুল ইছলামৰ পুত্ৰ তথা মানকাছাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ইছলামে ৩ এপ্ৰিলত মনোনয়ন পত্ৰ দাখিল কৰিব।ধুবুৰীত ২৩ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ’ব।