অগপ-বি পি এফে বিজেপিক আটাইকেইখন লোকসভাৰ আসন এৰি দিব : ৰঞ্জিত দাস

31-08-18 Tezpur- BJP state president visit Nikamul Satra (2)

মাধৱদেৱৰ তিথি উপলক্ষে শুকুৰবাৰে তেজপুৰৰ ঐতিহ্যমণ্ডিত নিকামূল সত্ৰত উপস্থিত হোৱাৰ সময়ত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস। ফটো : ইউ বি

আগন্তুক লোকসভা নিৰ্বাচনত মিত্ৰদল অগপ আৰু বি পি এফে বিজেপিক আটাইকেইখন আসন এৰি দিব পাৰে। আগন্তুক ২০১৯ ৰ লোকসভা নিৰ্বাচনক লৈ অগপই সাংগঠনিক কাম-কাজ তীব্ৰতৰ কৰি তোলাৰ সময়তে শুকুৰবাৰে তেজপুৰত সংবাদ মাধ্যমৰ আগত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে তাৎপৰ্যপূৰ্ণভাৱে এই মন্তৱ্য কৰে।

বৰ্তমান বিজেপিৰ দখলত থকা কেইবাটাও লোকসভা সমষ্টি অগপই দাবী কৰা বুলি সাংবাদিকে সোধাত বিজেপি সভাপতিজনে  কয় যে আসন বুজাবুজিৰ সিদ্ধান্ত কেন্দ্ৰীয় নেতৃত্বৰ হাতত বিধানসভা নিৰ্বাচনত অধিক আসন মিত্ৰদলক এৰি দিয়াৰ প্ৰতিশ্ৰুতি দিলে লোকসভা নিৰ্বাচনত মিত্ৰদলসমূহে সকলো আসন এৰি দিয়াৰ সম্ভাৱনা আছে আৰু অসমৰ গোটেই ১৪খন আসনেই বিজেপিয়ে দখল কৰিব।

আনহাতে, নদীবান্ধৰ প্ৰসংগত ৰঞ্জিৎ দাসে কয়, ‘জাতীয় দল-সংগঠনৰ লগত দিল্লীত আলোচনা হোৱাৰ পিছতহে বিশেষজ্ঞ সমিতি গঠন কৰা হৈছিল। কিন্তু জাতীয় সংগঠনৰ অনুমতি সাপেক্ষে নদীবান্ধৰ কাম চলি থকা বুলি মই কোৱা নাছিলো। মোৰ কথাৰ অপব্যাখ্যা কৰা হৈছে,‘-দাসে কয়।

উল্লেখযোগ্য যে মাধৱদেৱৰ তিথি উপলক্ষে তেজপুৰৰ ঐতিহ্যমণ্ডিত তথা ৪০০ বছৰীয়া নিকামূল সত্ৰত শুকুৰবাৰে বিজেপিৰ ৰাজ্যিক সভাপতিজন উপস্থিত হোৱাৰ সময়তে তেওঁ এই মন্তৱ্য আগবঢ়ায়।

আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক বিজেপিয়ে সভাপতি ৰঞ্জিত দাসৰ নেতৃত্বত জিলাই জিলাই সাংগঠনিক কাম-কাজ তীব্ৰতৰ কৰি তুলিছে। শোণিতপুৰ জিলাৰ বালিপৰা, খনামুখ, মিছন চাৰিআলি, ঢেকিয়াজুলি আৰু বৰছলা অঞ্চলত কেইবাখনো সাংগঠনিক সভাত শুকুৰবাৰে অংশগ্ৰহণ কৰে।

আনহাতে, আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক বিজেপিয়ে ৰাজ্যজুৰি তিনি লাখ ৩৩ হাজাৰ পৃষ্ঠা প্ৰমুখৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰো ব্যৱস্থা লোৱা বুলি জানিব পৰা গৈছে। ইপিনে বিজেপিৰ সভাপতিগৰাকীয়ে অগপ আৰু বি পি এফে লোকসভা নিৰ্বাচনত সকলো আসন এৰি দিব বুলি শুকুৰবাৰে সংবাদ মাধ্যমৰ সন্মুখত কৰা মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে।