হাতীচোং জিলা পৰিষদ : বিধায়িকাৰ ঘনিষ্ঠ বহু কেইজনৰ নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা

Hatichong Panchayat.photo

আংগুৰলতাৰ স্কুটীত বহি থকা গৰাকী অৱন্তী দেৱী। ফটো : ফেচবুক

অহা ৫ ডিচেম্বৰত হ’বলগা প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত ১০নং হাতীচোং জিলা পৰিষদত অগপ, বিজেপি আৰু কংগ্ৰেছ দলৰ মাজত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে।

জিলা পৰিষদ সমষ্টিটোৰ বাবে অগপ দলে অৱন্তী দেৱী, বিজেপি দলে সীমা ৰেখা ভৰালী আৰু কংগ্ৰেছ দলে কুমকুম মহন্তক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ইয়াৰে অগপ দলে প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰা অৱন্তী দেৱী হ’ল বিজেপি দলৰ টিকট বঞ্চিতা জ্যেষ্ঠনেত্ৰী। আনহাতে, কংগ্ৰেছ আৰু বিজেপি দলে প্ৰক্ষেপ কৰা প্ৰাৰ্থী দুগৰাকী ৰাজনীতিৰ পথাৰত নতুন মুখ।

নিজ হাতীচোং, মাজ-জাজৰি, কুঁ‌জীদাহ- জামুগুৰি, আইভেটী , ৰাইদঙীয়া, কাকমাৰী আৰু হাতীযুঁজুৱা-এই সাতখন গাঁও পঞ্চায়তকলৈ গঠিত হাতীচোং জিলা পৰিষদটো বিগত পঞ্চায়ত নিৰ্বাচনত অগপ দলে দখল কৰিছিল। অৱশ্যে পাছত অগপৰ জিলা পৰিষদৰ সদস্য ৰোহিনী বৰাই  যোৱা বিধান সভাৰ নিৰ্বাচনৰ আগে আগে বিজেপি দলত যোগদান কৰে।সেই হিচাপে বৰ্তমান হাতীচোং জিলা পৰিষদ সমষ্টিটো শাসনাধিষ্ঠ বিজেপিৰ দখলতে আছে।

কিন্তু এইবাৰ সমষ্টিটো ধৰি ৰখাত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব বিজেপি দল। কাৰণ অগপ দলে বিজেপিৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক বিসম্বাদৰ সম্পূৰ্ণ সযোগ গ্ৰহণ কৰি বিজেপিৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱা অৱন্তী দেৱীক ৰাতিটোৰ ভিতৰতে প্ৰাৰ্থীৰূপে থিয় কৰাইছে। কিছুদিন পূৰ্বে এইগৰাকী অৱন্তী দেৱীকেই নিজৰ স্কুটীৰ পিছৰ আসনত বহুৱাই লৈ ফুৰিছিল বিধাধিকা আঙুৰলতা ডেকাই।

আনহাতে, কংগ্ৰেছ দলে জিলা পৰিষদত প্ৰক্ষেপ কৰা কুমকুম মহন্ত মানুহৰ মাজত বৰ্তমানলৈকে অচিনাকি মুখ যদিও আইনৰ স্নাতক প্ৰাৰ্থীগৰাকীৰ শিক্ষাগত অৰ্হতাক লৈ ৰাইজ মাজত এক ইতিবাচক প্ৰচাৰ দেখা গৈছে। একেদৰে বিজেপিৰ প্ৰক্ষেপিত সীমাৰেখা ভৰালীও ৰাজনীতিৰ পথাৰত কিছু নতুন মুখ যদিও তেওঁ পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ দুই-তিনিমাহ আগৰে পৰাই নিজকে প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰি সমষ্টিটোৰ মানুহৰ ঘৰে ঘৰে গৈ প্ৰচাৰ চলাইছিল। ইয়ো এক প্ৰকাৰ ইতিবাচক দিশ ৰূপে চিহ্নিত হৈছে যদিও নিৰ্বাচনৰ সময়লৈ এই ধাৰা অব্যাহত থাকেনে নেথাকে প্ৰাৰ্থীগৰাকীৰ ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰিব।

ইপিনে গাঁও পঞ্চায়ত পৰ্যায়তো জিলা পৰিষদ সমষ্টিটোৰ অন্তৰ্গত প্ৰায় কেইখন পঞ্চায়ততে অগপ, বিজেপি আৰু কংগ্ৰেছ দলৰ মাজত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰে সম্ভাৱনা থকাৰ বিপৰীতে কেৱল সংখ্যালঘু বসতিপ্ৰধান হাতীযুঁজুৱা গাওঁ পঞ্চায়তত এ আই ইউ ডি এফ দলে প্ৰভাৱ বিস্তাৰ কৰাৰ সম্ভাৱনা আছে।বাকী কেইখন গাওঁ পঞ্চায়তৰ বৰ্তমানলৈকে সামগ্ৰিকভাৱে দেখা পোৱা নিৰ্বাচনী ছবিখনত কাকমাৰী, নিজ হাতীচোং আদিত বিজেপি দল বেকফুটত আছে।

আনহাতে, সমষ্টিটোৰ বিধায়িকা আঙুৰলতা ডেকাৰ লগত বিগত বিধান সভা নিৰ্বাচনৰ বহু পূৰ্বৰে পৰা প্ৰায়ে ওতঃপোতঃভাবে লাগি থাকি সকলো সময়তে বিধায়িকাৰ জয়গান গাই থকা একাংশ যুৱকে গাঁও পঞ্চায়তৰ সভাপতি পদৰ বাবে বিজেপি দলৰ পৰা টিকট লাভ নকৰাৰ ক্ষোভত অৱশেষত কেইবাগৰাকী যুৱকে নিৰ্দলীয় ৰূপে পঞ্চায়ত সভাপতি পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা কাৰ্যও সৰ্বত্রে চৰ্চা লাভ কৰিছে।