প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈৰ গৃহ পঞ্চায়ত বিজেপিৰ দখলত

সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনৰ ঘোষিত ফলাফলত মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত কংগ্ৰেছ দলে হেৰুৱালে নিজৰ আধিপত্য।

উল্লেখযোগ্য যে পূৰ্বতে সমষ্টিটোৰ ১৮ খন গাঁও পঞ্চায়তৰ ভিতৰত কংগ্ৰেছ দলৰ দখলত আছিল ১৪ খন আৰু বিজেপিৰ দখলত আছিল ৪ খন। আনহাতে ৪ খন জিলা পৰিষদৰ আটাইকেইখনেই কংগ্ৰেছৰ দখলত আছিল।

মন কৰিব লগীয়া যে আজি ঘোষিত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত ৪ খন জিলা পৰিষদেই বিজেপি দলে দখল কৰিবলৈ সক্ষম হয়। জিলা পৰিষদকেইখন হ’ল ক্ৰমে জাগুন, বৰগোলাই, বুঢ়ীদিহিং আৰু মাৰ্ঘেৰিটা। ইফালে ১৮ খন গাঁও পঞ্চায়তৰ ১৫ খন বিজেপিয়ে আৰু ৩ খন কংগ্ৰেছে দখল কৰিবলৈ সক্ষম হয়।

১৫ জন সভাপতি, ১৫ জন কাউঞ্চিলাৰ আৰু বৃহৎ সংখ্যক সদস্যৰে বিজেপিৰ চমকপ্ৰদদ জয় লাভ কৰিবলৈ সক্ষম হৈছে।

ইফালে একালৰ প্ৰভাৱশালী প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুত বৰদলৈ হাতৰ পৰা গ’ল ১২৪ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ পঞ্চায়ত সমূহত থকা আধিপত্য। প্ৰদ্যুত বৰদলৈৰ গৃহ পঞ্চায়ত মাকুম পথাৰ গাঁও পঞ্চায়তটো বিজেপিয়ে দখল কৰিবলৈ সক্ষম হয়।

আজি ঘোষিত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত বিজেপি দলে বৃহৎ সফলতাৰে জয় লাভ কৰাৰ বাবে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই সমষ্টিবাসী ধন্যবাদ জ্ঞাপন কৰাৰ লগতে বিজয়ী প্ৰাৰ্থী সকলক শুভেচ্ছা জনাইছে৷