নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে বিজেপিৰ কাৰ্যনিৰ্বাহকত প্ৰস্তাৱ

43681856_2007298579364670_6043533617043341312_n

কেন্দ্ৰীয় চৰকাৰে হিন্দু বাংলাদেশীক সংস্থাপিত কৰিবলৈ সংসদত উত্থাপন কৰিবলগীয়া নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ প্ৰতি সমৰ্থন দিবলৈ আনুষ্ঠানিকভাৱে সাজু হোৱাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছে মাজুলীত অনুষ্ঠিত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকে।

স্বাভাৱিকতেই অসমৰ জাতীয় দল-সংগঠনে তীব্ৰ বিৰোধিতা কৰি অহা এই বিতৰ্কিত বিধেয়কখনৰ সপক্ষে বিজেপিৰ কাৰ্যনিৰ্বাহকে গ্ৰহণ কৰা প্ৰস্তাৱক লৈ ৰাজ্যখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিয়নো অসমৰ স্বাৰ্থৰ পৰিপন্থী বুলি বিবেচিত এই বিধেয়কখন গৃহীত হ’লে সকলো জাতীয় দলসংগঠনেই বিজেপিৰ বিৰুদ্ধে মাৰবান্ধি থিয় হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

জানিব পৰা মতে মাজুলীৰ অনুষ্ঠিত ৰাজ্যিক কাৰ্যনিৰ্বাহকত কাৰ্যনিৰ্বাহকে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে আৰু হিন্দু বাংলাদেশীৰ সংস্থাপনৰ প্ৰয়োজনীয়তা সম্পৰ্কত স্থিতি গ্ৰহণ কৰিবলৈ দলীয় বিষয়ববীয়া আৰু কৰ্মীসকলক নিৰ্দেশ দিছে।

নাগৰিকত্ব সংশোধনী বিধেয়ককে ধৰি বিভিন্ন বিষয়ত ৰাজ্যিক বিজেপিয়ে এইবাৰ আক্ৰমণাত্মক ৰাজনীতি আৰম্ভ কৰিব। ইয়াৰ বাবে আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত দলৰ কৰ্মীসকলক বিভিন্ন ইচ্ছ্যুত আক্ৰমণাত্মক হ’বলৈ কোৱা হৈছে।

কাৰ্যনিৰ্বাহকত বিজেপি নেতা ড০ হিমন্ত বিশ্ব শৰ্মাই দলৰ বিষয়াববীয়াসকলক উদ্দেশ্যি কয় যে ’জাতি, মাটি, ভেটি ৰক্ষা কৰিবলৈ বা খিলঞ্জীয়াক ৰক্ষা কৰিবলৈ যাওঁতে আমি বৰাকৰ ১০টা, ডিমা হাছাও-কাৰ্বি আংলঙৰ ৫টা, লামডিং-ধুবুৰীৰ ৫টা সমষ্টিৰ কথাও পাহৰি গ’লে নহ’ব। এইসকলক বাদ দি জাতি, মাটি ভেটিৰ কথা চিন্তা কৰিলে নহ’ব। গতিকে আপোনালোকৰ স্থিতি এই ক্ষেত্ৰত শক্তিশালী হ’ব লাগিব।‘’

তেওঁ লগতে খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষাৰ বাবে দলে কিদৰে কাম কৰি আছে তাক ৰাইজৰ মাজত প্ৰচাৰ কৰা লগতে হিন্দু বাংলাদেশী সংস্থাপিত কৰিব খোজা বিধেয়কখনৰ প্ৰয়োজনীয়তা সম্পৰ্কেও ৰাইজক অৱগত কৰিবলৈ আহ্বান জনায়।

মুঠৰ ওপৰত আগন্তুক পঞ্চায়ত তথা লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে অসমত ৰাজনৈতিক পৰিস্থতি উত্তাল কৰি তোলাৰ পৰিকল্পিত নীতি সাজু কৰি তুলিছে।