অসমৰ পঞ্চায়তত বিজেপিৰ জয়যাত্ৰা, গোটেই নিশা চলিব ভোট গণনা

Supporters gathering out side the Panchyat Election poll counting hall at Sivasagar Govt HS School on 12-12-18.Pix by UB Photos

শিৱসাগৰত পঞ্চায়তৰ ভোট গণনাত বিভিন্ন প্ৰাৰ্থীৰ সমৰ্থকৰ ভিৰ। বুধবাৰৰ ছবি- ইউ বি।

কালি ঘোষিত পাঁচখন ৰাজ্যৰ ফলাফলৰ বিপৰীতে অসমৰ পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ জয়ৰ ধৰা দেখিবলৈ পোৱা গৈছে।

শেহতীয়াভাৱে যোৱা ৫ আৰু ৯ নৱেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনৰ বুধবাৰে হোৱা ভোটগণনাত এই ধাৰা পৰিলক্ষিত হৈছে।

পুৱা ৮ বজাৰ পৰা ৰাজ্যৰ বিভিন্ন জিলাৰ কেন্দ্ৰত গণনা আৰম্ভ হোৱাৰ পাছত এতিয়াও চলি থকা গণনা ৰাতিও অব্যাহত থাকিব।

এতিয়াও বহু পঞ্চায়তৰ ভোট গণনা বাকী আছে যদিও বৰ্তমানলৈ ৰাজ্যত শাসনত থকা বিজেপিয়েই অধিকাংশ পঞ্চায়তত জয়লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ বিপৰীতে কংগ্ৰেছ দ্বিতীয় স্থানত আৰু অসম গণ পৰিষদ তৃতীয় স্থানত আছে।

বুধবাৰে সন্ধিয়া ৬.৩০ বজাত ৰাজ্যিক নিৰ্বাচন আয়ুক্ত হৰেন্দ্ৰ নাথ বৰাই এক সংবাদমেলযোগে ৰাজ্যত ভোট গণনা শান্তিপূৰ্ণভাৱে চলি থকা বুলি জানিবলৈ দিয়ে। লগতে আজি গোটেই নিশা ভোট গণনা চলি থকাৰ সম্ভৱনা আছে বুলিও সদৰী কৰে।

ৰাজ্যিক নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি সন্ধিয়া পাঁচ বজালৈ ৫৮টা আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা হৈছে। ইয়াৰে বিজেপিৰ ৩০ জন, কংগ্ৰেছৰ ১৫ জন, অগপৰ ৮ জন আৰু অন্যান্য ৩ জন প্ৰাৰ্থী বিজয়ী হৈছে।

আনুষ্ঠানিকভাৱে ঘোষিত গাওঁ পঞ্চায়তৰ সভাপতি পদৰ ৭১ জনৰ জয়লাভ কৰা তথ্য নিৰ্বাচন আয়োগে জানিবলৈ দিয়ে। ইয়াৰে বিজেপিৰ ৩৩ জন, কংগ্ৰেছৰ ২০ জন, অগপৰ ১০ জন, এ আই ইউ ডি এফৰ ২ জন আৰু অন্যান্য ৬ জন প্ৰাৰ্থী জয়যুক্ত হ’বলৈ সক্ষম হৈছে।

গাওঁ পঞ্চায়তৰ ৱাৰ্ড সদস্য পদত ১০৮৯ টা ৱাৰ্ডৰ গণনা সম্পূৰ্ণ হৈছে। ইয়াৰ ভিতৰত বিজেপিৰ ৪৮১ জন, কংগ্ৰেছৰ ২৯৪ জন, অগপৰ ১১৫ জন আৰু অন্যান্য ১৮০ জন প্ৰাৰ্থীয়ে জয়লাভ কৰিছে।

পাঁচ বজালৈ জিলা পৰিষদৰ সদস্য পদৰ আনুষ্ঠানিক ঘোষণা হোৱা নাই বুলি ৰাজ্যিক নিৰ্বাচন আয়োগে জানিবলৈ দিছে। লগতে এই ফলাফলসমূহ ১৯খন নিৰ্বাচনী জিলাৰ বুলিহে আয়োগে প্ৰকাশ কৰে।

এই ফলাফলৰ তথ্যৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰাসকলক বাদ দিয়া বুলিও আয়োগে জানিবলৈ দিয়ে।

উল্লেখ্য যে, ৰাজ্যখনৰ ২৬ খন জিলাৰ মুঠ ৪২০ টা জিলা পৰিষদৰ সদস্য, ২১৯৯ টা আঞ্চলিক পঞ্চায়তৰ সদস্য, ২১৯৯ টা গাওঁ পঞ্চায়তৰ সভাপতি আৰু ২১৯৯০ টা ৱাৰ্ড সদস্য পদৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হৈছিল।

বৰ্তমানলৈ ঘোষিত ফলাফলৰ পৰা দেখা গৈছে যে বিজেপিয়ে প্ৰতিটো পদতে বিৰোধী দল কংগ্ৰেছতকৈ প্ৰায় দুগুণ আসন লাভ কৰিছে। তাৰ বিপৰীতে ৰাজ্য চৰকাৰত বিজেপিৰ মিত্ৰদল অসম গণ পৰিষদৰ অৱস্থা তেনেই শোচনীয় হৈ আছে।