‘পেট্ৰ’ল ডিজেলৰ মূল্য নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি এতিয়া পাভ লুটি মাৰিছে বিজেপিয়ে’ : আপ

NCtsW6SR_400x400(1)

বিজেপি দলে নিৰ্বাচনৰ সময়ত পেট্ৰ’ল ডিজেলৰ মূল্য নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি এতিয়া পাভ লুটি মাৰিছে। এই অভিযোগ আম আদমি পাৰ্টি, অসমৰ।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিৰ যোগে এই কথা প্ৰকাশ কৰিছে আপএ

মোডী চৰকাৰক পুঁজিপতিৰ চৰকাৰ বুলি আখ্যা দিয়াৰ লগতে জন বিৰোধী নীতিসমূহৰ গৰিহণা আম আদমি পাৰ্টি, অসমে কয় যে, ‘আম আদমি পাৰ্টি কৰ’না মহামৰীৰ এই জটিল সময়ত শ্ৰমহীন ৰাইজৰ মাজত যি এক অৰ্থনৈতিক দুৰাৱস্থাৰ সৃষ্টি হৈছে সেই সময়ত চৰকাৰ খনে পেট্ৰ’ল ডিজেলৰ মূল্য হ্ৰাস কৰি দেশৰ জনতাক সকাহ দিয়াৰ পৰিৱৰ্তে ব্যাপক মূল্য বৃদ্ধি ঘটাইছে।’

ইপিনে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হ’লে দেশৰ অৰ্থনীতিত, কৃষি খণ্ডত ক্ষতি হয় বুলি উল্লখ কৰি আম আদমী পাৰ্টী অসমৰ সাধৰন সম্পাদক বনদ্বীপ দত্তই কয়, ‘কৰ’নাৰ এই দুৰ্যোগৰ সময়ত মানুহে চাকৰি হেৰুৱাইছে, ব্যৱসায় হেৰুৱাইছে৷ তেনে পৰিপ্ৰেক্ষিত আকৌ মাধমাৰ শোধাই আছে চৰকাৰে৷’

তেওঁ পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি হ্ৰাস কৰাৰ লগতে পেট্ৰল ডিজেলৰ যি কৰ তাকে মাফ কৰাৰ দাবী জনায়।

আনহাতে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰ দেশৰ জনসাধাৰণৰ প্ৰকৃত সমস্যা সম্পৰ্কত প্ৰতি কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলি উল্লখ কৰিছে।

বিবৃতটোত কয়,  ‘যোৱা কেইবছৰমানত বিজেপি চৰকাৰে বৃহৎ পুঁজিপতিক ৬৫ লাখ কৌটি টকা ৰেহাই দিছে অথচ সাধাৰণ মনুহৰ পৰা পেট্ৰ’ল ডিজেলৰ মূল্যবৃদ্ধি দ্বাৰা চৰকাৰখনে অধিক ধন ঘটাৰ দিহা কৰিছে।’

আজি আম আদমী পাৰ্টিয়ে সমগ্ৰ দেশতে পেট্ৰল ডিজলেৰ মূল্য বৃদ্ধৰ বাবে  প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। আম আদমী পাৰ্টি অসমেও অসমৰ বিভিন্ন জিলাত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।