মিত্ৰতাৰ বাবে নাহিল কোনো আগবাঢ়ি : অকলেই নিৰ্বাচন খেলাৰ সিদ্ধান্ত মিজোৰাম বিজেপিৰ

Mizoram-BJP-President

মিজোৰাম ৰাজ্যিক বিজেপিৰ সভাপতি জেভি হুনাৰ ফাইল ফটো

আগন্তুক লোকসভা নিৰ্বাচন আৰু উপ নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে মিজোৰাম বিজেপি। ৰাজ্যখনত আগন্তুক নিৰ্বাচনত বিজেপি অকলেই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি দলটোৰ ৰাজ্যিক সভাপতি জেভি হুনাই জানিবলৈ দিয়ে।

ইয়াৰ উপৰি মিজোৰামৰ পৰা বিজেপি প্ৰাৰ্থী লোকসভালৈ নিৰ্বাচিত হ’লে কেন্দ্ৰীয় চৰকাৰৰ পৰা মন্ত্ৰী পদ লাভ কৰিব বুলিও মন্তব্য কৰে সভাপতিগৰাকীয়ে।

‘যদিহে লোকসভা নিৰ্বাচনত মিজোৰামৰ পৰা বিজেপি প্ৰাৰ্থীগৰাকী জয়ী হয় তেন্তে তেওঁ কেন্দ্ৰীয় চৰকাৰৰ পৰা মন্ত্ৰিত্ব লাভ কৰিব’। ভাৰতীয় জনতা পাৰ্টীৰ সাধাৰণ সম্পাদক তথা উত্তৰ-পূবৰ প্ৰভাৰী ৰাম মাধৱে এই কথা মিজোৰাম বিজেপিৰ সভাপতিক জনোৱা বুলিও উল্লেখ কৰে।

ইফালে অহা ১৮ মাৰ্চত গুৱাহাটীত এখন বৈঠক অনুষ্ঠিত হ’ব। আৰু এই বৈঠকৰ পাছতে ঘোষণা কৰা হ’ব মিজোৰামৰ একমাত্ৰ লোকসভা আসনখনৰ প্ৰাৰ্থীৰ নাম।

মিজোৰাম বিজেপিৰ সভাপতিগৰাকীয়ে মিজো নেশ্যনেল ফ্ৰণ্টকো তীব্ৰ কটাক্ষ কৰা দেখা যায়। তেওঁ কয় যে এম এন এফ নেডাৰ অংশীদাৰ হোৱা স্বত্ত্বেও তেওঁলোকে মিজোৰাম বিজেপিক গুৰুত্ব প্ৰদান নকৰে।

ইয়াৰ উপৰি মিজোৰাম বিধানসভাৰ একমাত্ৰ বিজেপি বিধায়কগৰাকীক চৰকাৰৰ অংশীদাৰ কৰি ল’ব লাগে বুলি এম এন এফক আহ্বান জনায় কয়, ‘যদিহে কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰে প্ৰকৃত উন্নয়ন বিচাৰে তেন্তে তেওঁলোকে আমাৰ একমাত্ৰ বিধায়কজনক চৰকাৰৰ অংশীদাৰ কৰি ল’ব লাগিব’।

আনহাতে ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে কেন্দ্ৰত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰেই শাসনত আহিব বুলি পূৰ্ণ বিশ্বাসেৰে মন্তব্য কৰে জেভি হুনাই। তেওঁ কয়, ‘ৰাহুল গান্ধীক কোনেও প্ৰধান মন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে গ্ৰহণ নকৰে’।