টীয়ক বাগিচাৰ চিকিৎসক হত্যাকাণ্ডত আটকসকলৰ ভিতৰত বিজেপিৰ ৱাৰ্ড সদস্য

Doctor-assaulted-1-1140x570

টীয়ক চাহ বাগিচাত শ্ৰমিকৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হোৱাৰ পাছত সুৰক্ষা বাহিনীৰ লোকে ঘেৰি থকা অৱস্থাত ড০ দেৱেন দত্ত। ফটো : নৰ্থইষ্ট নাও

টীয়ক বাগিচাৰ নৃশংস হত্যাকাণ্ডটোত টীয়ক আৰক্ষীয়ে আন ৮জন লোকক  আটক কৰিছে আৰু ইয়াৰ ভিতৰত বিজেপিৰ এজন কৰ্মকৰ্তাও আছে। তেওঁ বলমা পঞ্চায়তৰ ৱাৰ্ড সদস্য।

বাগিচাখনৰ জ্যেষ্ঠ চিকিৎসক ডা: দেবেন দত্তক উন্মত্ত শ্ৰমিকে মৰিয়াই হত্যা কৰা ঘটনাটোত এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা ৩০জন হৈছেগৈ।

দুৰ্ভাগ্যজনক ঘটনাটো সন্দৰ্ভত যোৰহাট জিলাৰ উপায়ুক্তৰ নিৰ্দেশত টীয়ক ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত ৩ ছেপ্টেম্বৰৰ পৰা তিনি দিন ধৰি শুনানি আৰম্ভ হৈছে।

জিলাখনৰ অতিৰিক্ত উপায়ুক্ত তথা ঘটনাটোৰ তদন্তকাৰী বিষয়া শোভন গোৱালাই এই শুনানি প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু চাহ বাগিচাখনৰ পৰিচালক, চাহ মজদুৰ সংঘৰ বিষয়ববীয়াকে ধৰি বহুকেইজনক শুনানি প্ৰক্ৰিয়াত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে।

ঘটনাটোৰ ক্ষিপ্ৰ গতিত তদন্ত কৰাৰ নিৰ্দেশ পোৱা টীয়ক আৰক্ষীয়ে আন কেইবাজনক সোধা-পোছাৰ বাবে আটক কৰাৰ সম্ভাৱনা আছে।

ঘটনাটোৰ প্ৰতিবাদত ৩ ছেপ্টেম্বৰত ৰাজ্যৰ বিভিন্ন ঠাইত চিকিৎসকসকলে কৰ্মবিৰতিৰে প্ৰতিবাদ সাব্যস্ত কৰে, য’ৰ পৰা কেৱল জৰুৰী চিকিৎসাসেৱাক ৰেহাই দিয়া হয়।

বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও এই নিৰ্মম হত্যাৰ প্ৰতিবাদ কৰে।