শাসনত থকা দলটোৱে সাধাৰণতে পঞ্চায়ত নিৰ্বাচনত আসন বেছিকৈ লাভ কৰে, বিজেপিয়ে এইবাৰ পঞ্চায়ত নিৰ্বাচনত লাভ কৰিলে মাত্ৰ ৪১.৯৪ শতাংশ, তাৰ বিপৰীতে কংগ্ৰেছে ১২ বছৰ শাসন চলোৱাৰ পাছতো ২০১৩ চনত পঞ্চায়ত নিৰ্বাচনত লাভ কৰিছিল ৫০.৪৯ শতাংশ আসন।
ইয়াৰ মূল কাৰণ বাখ্যা কৰি আজি গুৱাহাটী প্ৰেছক্লাৱত এক সংবাদমেল সম্বোধন কৰি খিলঞ্জীয়া মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই কয়, ‘’বিজেপিয়ে এইবাৰ পঞ্চায়ত নিৰ্বাচনত হেলিকপ্টাৰ উৰুৱাইয়ো নাপালে খিলঞ্জীয়া লোকসকলৰ সমৰ্থন। কিয়নো খিলঞ্জীয়াৰ সমৰ্থন পাবলৈ জাতি-মাটি-ভেটিৰ স্বাৰ্থ ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে শাসনৰ বাঘজৰী পোৱা বিজেপি চৰকাৰে খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে কোনো তৎপৰতা অৱলম্বন নকৰিলে।‘’
ইপিনে, কংগ্ৰেছৰ এক বাংলাদেশী ভোটবেংক আছে বুলি গুৰুতৰ অভিযোগ তুলি উপমন্যু হাজৰিকাই উক্ত সংবাদমেলতে কয়, ‘’কংগ্ৰেছ দলে বাংলাদেশীৰ পক্ষ কেতিয়াও এৰি নিদিয়ে। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্য্যকালত উজনি অসমত বাংলাদেশীয়ে ভেটি পাতিলে। কাজিৰঙা, নুমলিগড়, সৰুপথাৰ, মেৰাপানীলৈকে বাংলাদেশীয়ে অবৈধভাৱে ঘৰ-দুৱাৰ সাজি মাটি দখল কৰিলে।‘’
‘’কংগ্ৰেছৰ দিনত উদ্ভৱ হোৱা এনেবোৰ সমস্যাৰ সমাধান বিচাৰিছিল খিলঞ্জীয়াই,’’- এইদৰে মন্তব্য কৰে হাজৰিকাই।
হাজৰিকাৰ মতে, ‘খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষা’ এই মূল মন্ত্ৰৰে বিগত লোকসভা আৰু বিধানসভাৰ নিৰ্বাচনত বিজয়ৰ মুখ দেখিছিল বিজেপিয়ে। কিন্তু খিলঞ্জীয়াৰ স্বাৰ্থ বিঘ্নিত হোৱা পদক্ষেপ ল’ব বিচৰাৰ বাবে আঢ়ৈ বছৰতে বিজেপিৰ প্ৰতি খিলঞ্জীয়াৰ সমৰ্থন হ্ৰাস পাইছে।
আনহাতে, প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু কংগ্ৰেছক খিলঞ্জীয়াই কিয় ভোট দিয়ে? উক্ত সংবাদমেলতে এই সন্দৰ্ভতো বাখ্যা আগবঢ়ায় উপমন্যু হাজৰিকাই।
তেওঁ কয়, ‘’কাৰণ অসমৰ তথাকথিত জাতীয় নায়ক তথা জাতীয় নেতাসকলে খিঞ্জীয়াক সুৰক্ষিত নকৰি বাংলাদেশীক সুৰক্ষা দিয়াত তৎপৰ, সেইকাৰণে খিলঞ্জীয়া জনসাধাৰণে বৰ্তমানৰ বিজেপি চৰকাৰ আৰু পূৰ্বৰ কংগ্ৰেছৰ চৰকাৰৰ মাজত পাৰ্থক্য বুজি নাপায়।‘’
‘১৯৫১ চনৰ ভিত্তিত ভূমি, চৰকাৰী চাকৰি আৰু সা-সুবিধা, বেপাৰ-বাণিজ্যৰ অনুজ্ঞাপত্ৰ সংৰক্ষণৰ ব্যৱস্থা কৰা, সম্পূৰ্ণ পুনৰীক্ষণৰ দ্বাৰাএন আৰ চিৰ বিসংগতি দূৰ কৰি সকলো বিদেশীৰ নাম কৰ্তন কৰা আৰু কোনো ধৰণৰ প্ৰব্ৰজনকাৰী যাতে নতুনকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক বা আন কোনো প্ৰকাৰে সংস্থাপিত নহয়’ খিলঞ্জীয়াৰ উক্ত দাবী তিনিটা পূৰণ নকৰিলে ২০২১ চনত শাসনাধীন বিজেপি চৰকাৰৰ পতন নিশ্চিত বুলি দাবী কৰে উপমন্যু হাজৰিকাই।
হাজৰিকাৰ মন্তৱ্য কৰে, ‘’বৰ্তমান অসমৰ অস্তিত্ব ৰক্ষাৰ বিষয়টো লৈ খিলঞ্জীয়াসকল বাঘৰ দৰে, নিৰ্বাচনৰ সময়ত নেতাসকলে সেই বাঘৰ পিঠিত উঠি নিৰ্বাচনী বৈতৰণী পাৰ হ’ল, কিন্তু পাছলৈ বাঘৰ পিঠিৰ পৰা ফলাফল নিদিয়াকৈ নামিল, সেয়ে সেই বাঘেই বিজেপি চৰকাৰক খাই পেলাব।‘’