• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘হেলিকপ্টাৰ উৰুৱাইয়ো বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনত নাপালে খিলঞ্জীয়াৰ ভোট’

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 23, 2018 6:20 pm
Upomonyu vs Halicopter
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শাসনত থকা দলটোৱে সাধাৰণতে পঞ্চায়ত নিৰ্বাচনত আসন বেছিকৈ লাভ কৰে, বিজেপিয়ে এইবাৰ পঞ্চায়ত নিৰ্বাচনত লাভ কৰিলে মাত্ৰ ৪১.৯৪ শতাংশ, তাৰ বিপৰীতে কংগ্ৰেছে ১২ বছৰ শাসন চলোৱাৰ পাছতো ২০১৩ চনত পঞ্চায়ত নিৰ্বাচনত লাভ কৰিছিল ৫০.৪৯ শতাংশ আসন।

ইয়াৰ মূল কাৰণ বাখ্যা কৰি আজি গুৱাহাটী প্ৰেছক্লাৱত এক সংবাদমেল সম্বোধন কৰি খিলঞ্জীয়া মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই কয়, ‘’বিজেপিয়ে এইবাৰ পঞ্চায়ত নিৰ্বাচনত হেলিকপ্টাৰ উৰুৱাইয়ো নাপালে খিলঞ্জীয়া লোকসকলৰ সমৰ্থন। কিয়নো খিলঞ্জীয়াৰ সমৰ্থন পাবলৈ জাতি-মাটি-ভেটিৰ স্বাৰ্থ ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে শাসনৰ বাঘজৰী পোৱা বিজেপি চৰকাৰে খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে কোনো তৎপৰতা অৱলম্বন নকৰিলে।‘’

Apply Now

ইপিনে, কংগ্ৰেছৰ এক বাংলাদেশী ভোটবেংক আছে বুলি গুৰুতৰ অভিযোগ তুলি উপমন্যু হাজৰিকাই উক্ত সংবাদমেলতে কয়, ‘’কংগ্ৰেছ দলে বাংলাদেশীৰ পক্ষ কেতিয়াও এৰি নিদিয়ে। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্য্যকালত উজনি অসমত বাংলাদেশীয়ে ভেটি পাতিলে। কাজিৰঙা, নুমলিগড়, সৰুপথাৰ, মেৰাপানীলৈকে বাংলাদেশীয়ে অবৈধভাৱে ঘৰ-দুৱাৰ সাজি মাটি দখল কৰিলে।‘’

‘’কংগ্ৰেছৰ দিনত উদ্ভৱ হোৱা এনেবোৰ সমস্যাৰ সমাধান বিচাৰিছিল খিলঞ্জীয়াই,’’- এইদৰে মন্তব্য কৰে হাজৰিকাই।

হাজৰিকাৰ মতে, ‘খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষা’ এই মূল মন্ত্ৰৰে বিগত লোকসভা আৰু বিধানসভাৰ নিৰ্বাচনত বিজয়ৰ মুখ দেখিছিল বিজেপিয়ে। কিন্তু খিলঞ্জীয়াৰ স্বাৰ্থ বিঘ্নিত হোৱা পদক্ষেপ ল’ব বিচৰাৰ বাবে আঢ়ৈ বছৰতে বিজেপিৰ প্ৰতি খিলঞ্জীয়াৰ সমৰ্থন হ্ৰাস পাইছে।

আনহাতে, প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু কংগ্ৰেছক খিলঞ্জীয়াই কিয় ভোট দিয়ে? উক্ত সংবাদমেলতে এই সন্দৰ্ভতো বাখ্যা আগবঢ়ায় উপমন্যু হাজৰিকাই।

তেওঁ কয়, ‘’কাৰণ অসমৰ তথাকথিত জাতীয় নায়ক তথা জাতীয় নেতাসকলে খিঞ্জীয়াক সুৰক্ষিত নকৰি বাংলাদেশীক সুৰক্ষা দিয়াত তৎপৰ, সেইকাৰণে খিলঞ্জীয়া জনসাধাৰণে বৰ্তমানৰ বিজেপি চৰকাৰ আৰু পূৰ্বৰ কংগ্ৰেছৰ চৰকাৰৰ মাজত পাৰ্থক্য বুজি নাপায়।‘’

‘১৯৫১ চনৰ ভিত্তিত ভূমি, চৰকাৰী চাকৰি আৰু সা-সুবিধা, বেপাৰ-বাণিজ্যৰ  অনুজ্ঞাপত্ৰ সংৰক্ষণৰ ব্যৱস্থা কৰা, সম্পূৰ্ণ পুনৰীক্ষণৰ দ্বাৰাএন আৰ চিৰ বিসংগতি দূৰ কৰি সকলো বিদেশীৰ নাম কৰ্তন কৰা আৰু কোনো ধৰণৰ প্ৰব্ৰজনকাৰী যাতে নতুনকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক বা আন  কোনো প্ৰকাৰে  সংস্থাপিত নহয়’ খিলঞ্জীয়াৰ উক্ত দাবী তিনিটা পূৰণ নকৰিলে ২০২১ চনত শাসনাধীন বিজেপি চৰকাৰৰ পতন নিশ্চিত বুলি দাবী কৰে উপমন্যু হাজৰিকাই।

হাজৰিকাৰ মন্তৱ্য কৰে, ‘’বৰ্তমান অসমৰ অস্তিত্ব ৰক্ষাৰ বিষয়টো লৈ খিলঞ্জীয়াসকল বাঘৰ দৰে, নিৰ্বাচনৰ সময়ত নেতাসকলে সেই বাঘৰ পিঠিত উঠি নিৰ্বাচনী বৈতৰণী পাৰ হ’ল, কিন্তু পাছলৈ বাঘৰ পিঠিৰ পৰা ফলাফল নিদিয়াকৈ নামিল, সেয়ে সেই বাঘেই বিজেপি চৰকাৰক খাই পেলাব।‘’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd