ইউ পি পিএলক ৮খন, অগপলৈ ২৬খন এৰি বিজেপিয়ে ৯২খন আসনত কৰিব প্ৰতিদ্বন্দ্বিতা!

BJP-AGP

শাসনাধীষ্ঠ বিজেপি মিত্ৰজোঁটৰ কোন দলে কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব তাক লৈ জল্পনা-কল্পনা চলি থকাৰ মাজতে দলকেইটাৰ মাজত আসন ভাগ বটোৱাৰা প্ৰায় চূড়ান্ত হোৱাৰ খৱৰ পোৱা গৈছে।

বৃহস্পতিবাৰে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে সঘনাই অনুষ্ঠিত হোৱা বৈঠকৰ পাছত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে একপ্ৰকাৰ আসন বুজাবুজিত ছীল মোহৰ মাৰিছে।

শেহতীয়া খৱৰ অনুসৰি, বিজেপিয়ে ইউ পি পিএলক ৮খন আসন এৰি দিয়াৰ লগতে প্ৰধান মিত্ৰ দল অগপ দলক ২৬খন আসন এৰি দিছে।

সেইদৰে বাকী ৯২খন আসনতে বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। আজি এই সন্দৰ্ভত   আনুষ্ঠানিক ঘোষণা কৰাৰ লগতে কোনে কোন সমষ্টিৰ পৰা কোনে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সেয়াও ঘোষণা কৰা হ’ব।

বৃহস্পতিবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ সৈতে  বৈঠকত মুখ্যমন্ত্ৰী সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাও উপস্থিতি আছিল।

ইপিনে, বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাই থকা বাতৰিৰ ভিত্তিত কিছুমান সমষ্টিত বিজেপি আৰু অগপৰ কৰ্মী-সমৰ্থকে নিজৰ নিজৰ প্ৰাৰ্থীৰ সমৰ্থনত প্ৰতিবাদ সাৱ্যস্ত কৰি তেওঁলোকৰ অসন্তুষ্টি প্ৰকাশ কৰিছে।

আজি চূড়ান্ত প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাৰ পাছত বহুকেইটা সমষ্টিৰ বিসম্বাদৰ সম্ভাৱনাও ইতিমধ্যে প্ৰকট হৈ পৰিছে।