• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজমলক অসমৰ মুখ্য মন্ত্ৰী হ’বলৈ নিদিয়ে বিজেপি কৰ্মীয়ে

ধেমাজিত বিজেপিৰ “ঐক্য সমদল”ত কা-বিৰোধী আন্দোলনক চোকা সমালোচনা হিমন্ত বিশ্ব শৰ্মাৰ

অনুপ শৰ্মা by অনুপ শৰ্মা
January 8, 2020 8:42 pm
BJP will fight to stop Ajmals to become the Chief minister of Assam: Himanta Biswa Sarma

ধেমাজিত বিজেপিৰ ঐক্য সমদলত হিমন্ত বিশ্ব শৰ্মা, বুধবাৰে। ছবি সৌজন্য-- টুইটাৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে অসমৰ নাগৰিকত্ব (সংশোধন) আইন ২০১৯-বিৰোধী আন্দোলনক চোকা সমালোচনা কৰি কৈছে যে দেহত শেষ বিন্দু তেজ থকালৈকে বিজেপি কৰ্মীসকলে আজমলৰ দৰে লোকক ৰাজ্যৰ মুখ্য মন্ত্ৰী হ’বলৈ নিদিয়ে।

ধেমাজিত বিজেপিৰ “ঐক্য সমদল” শীৰ্ষক জনসভাত শৰ্মাই এ আই ইউ ডি এফ নেতাজনৰ নাম উল্লেখেৰে অসমত আন্দোলনটোক নেতৃত্ব দি অহা সদৌ অসম ছাত্ৰ সন্থাক চোকা সমালোচনা কৰে।

ধুবুৰী, বৰপেটাৰ দৰে জিলাত ধৰ্ষণৰ বলি হোৱা শিক্ষয়িত্ৰী আৰু “লাভ জিহাদ”ৰ আক্ৰমণত পৰা ছোৱালীসকলৰ কথা উল্লেখ কৰি তেওঁ এই ঘটনাসমূহত আছুকে ধৰি আন সংগঠনসমূহৰ “নীৰৱতা”ক গৰিহণা দিয়ে।

“এই কথাই প্ৰমাণ কৰে যে তেওঁলোকে আজমলহঁতৰ বিৰুদ্ধে বিৰুদ্ধে যুঁজাৰ সাহস হেৰুৱাই পেলাইছে,” শৰ্মাই কয়।

গণদেৱতালৈ সহস্ৰ প্ৰণাম

ধেমাজিৰ শান্তি আৰু প্ৰগতি সমদললৈ জনতাৰ অফুৰন্ত সমৰ্থন তথা বিপুল যোগদানে আপ্লুত কৰিলে ৷

আপোনালোকৰ এনে আশীৰ্বাদেই আমাক সমাজ তথা ৰাজ্যৰ সেৱাত অধিক নিমগ্ন হ’বলৈ উৎসাহ যোগায় ৷

আদৰৰ জনতালৈ আকৌ এবাৰ ধন্যবাদ ৷#অসমেই_আমাৰ_প্ৰাথমিকতা pic.twitter.com/4ce38WVWcR

— Himanta Biswa Sarma (@himantabiswa) January 8, 2020

আন্দোলনকাৰী সংগঠনসমূহক সমালোচনা কৰি শৰ্মাই কয় যে নাগৰিকত্ব আইন আগতেও সংশোধন হৈছিল, কিন্তু প্ৰফুল্ল কুমাৰ মহন্ত আৰু প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ মুখ্য মন্ত্ৰিত্বৰ কালত তেওঁলোকে ইয়াৰ বিৰোধিতা কৰিবলৈ সাহস কৰা নাছিল।

“মহন্তৰ ‘গুপ্তহত্যা’কালক আছুৱে ভয় কৰিছিল আৰু সেয়ে তেতিয়া তেওঁলোকে মাত মতা নাছিল। ১৯৯২ চনত প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ মুখ্য মন্ত্ৰিত্বৰ কালত পুনৰ নাগৰিকত্ব আইন সংশোধন কৰা হৈছিল। কিন্তু আছুকে ধৰি আনসকলে শইকীয়াৰ কঠোৰ পদক্ষেপৰ ভয়ত মাত মতা নাছিল,” তেওঁ কয়।

আইনখনৰ বিৰোধিতা কৰি থকা কংগ্ৰেছকো সমালোচনা কৰি শৰ্মাই কয় যে দলটোৰ বাবেই বৰ্তমান চৰকাৰে আইনখন পাছ কৰিব লগা হৈছে।

“আমি কা ২০১৯ পাছ নকৰিলোহেঁতেন যদিহে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে বাংলাদেশৰ পৰা হোৱা অনুপ্ৰৱেশ বন্ধ কৰিলেহেঁতেন,” তেওঁ কয়।

“নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধান মন্ত্ৰী হোৱাৰ পিছত ২০১৪ চনৰ পৰা এজনো বাংলাদেশী অনুপ্ৰৱেশকাৰীক সোমোৱাৰ অনুমতি দিয়া হোৱা নাই।”

শৰ্মাই কয় যে আইনখনক লৈ অপপ্ৰচাৰ চলাই থকা হৈছে আৰু ই কোনো নতুন মানুহকে সীমান্ত পাৰ হোৱাৰ অনুমতি দিয়া নাই।

“কংগ্ৰেছ অনুপ্ৰৱেশ ৰোধত বিফল হোৱাৰ বাবে ১৯৭১ চনৰ পিছত অহা কেৱল ৩.৫ লাখৰ পৰা ৪ লাখ লোকক নাগৰিকত্বৰ বাবে আৱেদনৰ সুযোগ দিয়া হৈছে,” তেওঁ কয়।

ধেমাজিত বৃহৎ সমাৱেশে পুনৰ বিজেপি শাসনলৈ অহাটো নিশ্চিত কৰিলে বুলি শৰ্মাই সভাত মন্তব্য কৰে।

“ইয়াৰ কাৰণ আছে। এই চৰকাৰৰ তলত ২২ লাখ কলেজীয়া ছাত্ৰ-ছাত্ৰীয়ে অসমত বিনামূলীয়া নামভৰ্তিৰ সুযোগ লাভ কৰিছে। ৬৪ লাখ শিক্ষাৰ্থীয়ে বিনামূলীয়া পাঠ্যপুথি পাইছে, ১২ লাখ লোক বৃদ্ধ পেঞ্চনৰ দ্বাৰা উপকৃত হৈছে,” তেওঁ কয়।

বিত্ত মন্ত্ৰীজনে পৰৱৰ্তী বাজেটৰ পৰা বিনামূলীয়া মাহিলী দৰৱ, ঘৰুৱা বিজুলী যোগান, কম দামত চাউল, চেনি আৰু দাইল যোগান ধৰাৰ প্ৰতিশ্ৰুতিও আগবঢ়ায়।

“মই এই প্ৰতিশ্ৰুতিও দিছো যে পৰৱৰ্তী বাজেটৰ পৰা ১ টকা কেজিকৈ চাউলৰ যোগান ধৰা হ’ব,” তেওঁ কয়।

অনুপ শৰ্মা

অনুপ শৰ্মা

Stay Connected

  • 117k Fans

Recent News

মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

August 18, 2025 3:52 pm
প্ৰসিদ্ধ অভিনেতা, ‘ছুপাৰমেন’ৰ খলনায়ক টেৰেন্স ষ্টেম্পৰ দেহাৱসান; ভাৰতলৈ তেওঁ কিয় আহিছিল?

প্ৰসিদ্ধ অভিনেতা, ‘ছুপাৰমেন’ৰ খলনায়ক টেৰেন্স ষ্টেম্পৰ দেহাৱসান; ভাৰতলৈ তেওঁ কিয় আহিছিল?

August 18, 2025 3:33 pm
শোকাৱহ দুৰ্ঘটনা: গুৱাহাটী অভিমুখী এক্সপ্ৰেছ ৰে’লৰ খুন্দাত নিহত ৩ মহিলা

শোকাৱহ দুৰ্ঘটনা: গুৱাহাটী অভিমুখী এক্সপ্ৰেছ ৰে’লৰ খুন্দাত নিহত ৩ মহিলা

August 18, 2025 3:15 pm
শোকাবহ! গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিচনাৰ পৰা পৰি মৃত্যু নৱজাতকৰ

শোকাবহ! গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিচনাৰ পৰা পৰি মৃত্যু নৱজাতকৰ

August 18, 2025 2:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

August 18, 2025 3:52 pm
প্ৰসিদ্ধ অভিনেতা, ‘ছুপাৰমেন’ৰ খলনায়ক টেৰেন্স ষ্টেম্পৰ দেহাৱসান; ভাৰতলৈ তেওঁ কিয় আহিছিল?

প্ৰসিদ্ধ অভিনেতা, ‘ছুপাৰমেন’ৰ খলনায়ক টেৰেন্স ষ্টেম্পৰ দেহাৱসান; ভাৰতলৈ তেওঁ কিয় আহিছিল?

August 18, 2025 3:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd