বিটিচিৰ দৰে তিৱা স্বায়ত্ত শাসিত পৰিষদো দখল কৰিব বিজেপিয়ে : মুখ্য মন্ত্ৰী সোণোৱাল

sarbananda-sonowal

সৰ্বানন্দ সোণোৱালৰ ফাইল ফটো, উৎস ইণ্টাৰনেট

‘আগতে যেনেকৈ কৈছিলো বিটিআৰত আমাৰ চৰকাৰ হ’ব, তেনেকৈয়ে হ’ল। এতিয়াও কও যে তিৱা স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনতো আমাৰ দলৰ চৰকাৰেই পৰিষদ গঠন কৰিব সেয়া নিশ্চিত’, মৰিগাঁৱত তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনী সভাত অংশ লৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল এই মন্তব্য কৰে।

মৰিগাঁও হাইস্কুল খেলপথাৰত আজি অনুষ্ঠিত বিশাল নিবাচৰ্নী সভাত মুখ্য মন্ত্ৰী সোণোৱালে লগতে কয় যে বিগত চাৰে চাৰি বছৰত অসমৰ ৰাইজে আমাৰ চৰকাৰখনে কৰা উন্নয়নৰ প্ৰতিচ্ছবি চাই আমাৰ দলৰ চৰকাৰক হিয়া উজাৰি সমৰ্থন কৰিব।

তেওঁ লগতে কয় যে ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ পাহাৰ-ভৈয়াম, বৰাক-বহ্মপুত্ৰৰ ৰাইজক এক কৰি যি সমন্বয়ৰ
বাৰ্তা দিছে তাৰেই ফলশ্ৰুতিত আজি আমি সফলতাৰ সন্ধান পাইছো, ৰাইজে আমাক আদৰি লৈছে।

এইবোৰ কাৰণৰ বাবেই সকলো ৰাইজকে ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থীসকলক ভোট দিবলৈ আহ্বান জনায় সোণোৱালে।

মনকৰিবলগীয়া যে ৩৬টা সংসদীয় সমষ্টিৰে পৰিবেষ্টিত তিৱা স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনীয় প্ৰচাৰ সভাত শাসক-বিৰোধীৰ ৰথী-মহাৰথীসকলে সমষ্টিসমূহৰ পৰিবেশ গৰম কৰি অহা সময়তে আজি জিলাখনত উপস্থিত হোৱা ৰাজ্যপ্ৰধান জনৰ নিৰ্বাচনী প্ৰচাৰে বিশেষ তাৎপৰ্য বহন কৰিছে ৰাজনৈতিক বিশ্লেষক মহলৰ মাজত।