NORTHEAST NOW (Assamese)

নীতিশ কুমাৰৰ হুংকাৰ: ২৪ ত এশতকৈও কম আসনত সীমাবদ্ধ থাকিব বিজেপি

February 18, 2023 8:10 pm · এন ই নাও নিউজ, গুৱাহাটী

সমুখত আৰু এটা বছৰ, কাষ চাপিছে ২৪ ৰ লোকসভা নিৰ্বাচন। দিল্লীৰ মচনদ দখলৰ ৰণনীতি প্ৰস্তুতেৰে কঁকালত টঙালি বান্ধিছে শাসক-বিৰোধী উভয়েই। নিৰ্বাচনমুখী এই ৰণসজ্জাৰ মাজতে বৰ্তমানৰ শাসকীয় বিজেপি দলক সাৱধানবাণী শুনাইছে দলটোৰ প্ৰাক্তন মিত্ৰ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে।

২৪ ৰ নিৰ্বাচনত বিজেপিৰ আসনৰ সংখ্যা ১০০ তকৈও কমিব বুলি হুংকাৰ দিছে নীতিশ কুমাৰে। অৱশ্যে বিজেপিক প্ৰতিৰোধৰ বাবে কুমাৰে পুনৰবাৰ কংগ্ৰেছকে ধৰি সকলো বিৰোধী দলকে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত মিলিত হ’বলৈ পৰামৰ্শ দিয়ে।

পাটনাত অনুষ্ঠিত হোৱা চিপিআই-এমএলৰ একাদশ সাধাৰণ অধিৱেশনত নীতিশ কুমাৰে বজাইছে এই নিৰ্বাচনী ৰণদুন্দুভী। কংগ্ৰেছকে ধৰি কেইবাটাও বিৰোধী দলৰ নেতাই অংশগ্ৰহণ কৰা এই অনুষ্ঠানত কুমাৰে সংযুক্ত ফ্ৰণ্টে বিজেপিক ১০০ খনতকৈও কম আসনলৈ নমাই আনিবলৈ সক্ষম হ’ব বুলি দৃঢ় মন্তব্য কৰে।

নিজ ভাষণত কুমাৰে কয়, “মই বিচাৰো কংগ্ৰেছে তাৎক্ষণিক সিদ্ধান্ত লওক। যদি মোৰ পৰামৰ্শ গ্ৰহণ কৰি একেলগে যুঁজ দিয়ে, তেন্তে বিজেপি ১০০ খন আসনৰো তললৈ যাব। কিন্তু মোৰ পৰামৰ্শ গ্ৰহণ নকৰিলে কি হ’ব সেয়া আপোনালোকে জানে।”

অভিজ্ঞ নেতাগৰাকীয়ে লগতে তেওঁৰ প্ৰধানমন্ত্ৰী হোৱাৰ কোনো উচ্চাকাংক্ষা নাই বা এই পদৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী নহয় বুলি পুনৰ দোহাৰে। নীতিশ কুমাৰৰ ভাষ্য মতে, দেশক একত্ৰিত কৰি ঘৃণা বিয়পোৱা মানুহৰ পৰা মুক্ত কৰাই তেওঁৰ একমাত্ৰ উচ্চাকাংক্ষা।

চিপিআই- এমএলৰ এই সাধাৰণ অধিৱেশনত নীতিশ কুমাৰৰ উপৰিও উপস্থিত থাকে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ, কংগ্ৰেছ নেতা ছলমান খুৰ্ছিদ, বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জিতন ৰাম মাঁঝি, তামিলনাডুৰ ভিচিকে পাৰ্টিৰ নেতা তথা সাংসদ থিৰুভালাভন।

উল্লেখ্য যে, বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰাৰ পাছৰ পৰাই নীতিশ কুমাৰে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক প্ৰত্যাহ্বান জনোৱাৰ অৰ্থে বিৰোধী ঐক্য গঠনৰ বাবে ধাৰাবাহিক প্ৰচেষ্টা চলাই আহিছে। ঐক্যবদ্ধ বিৰোধীৰ শক্তিয়ে ২৪ ৰ নিৰ্বাচনত বিপুল সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি দৃঢ়মনা নীতিশ কুমাৰ।

Related News