NORTHEAST NOW (Assamese)

বিজেপিয়ে এশৰো অধিক আসন হেৰুৱাব লোকসভা নিৰ্বাচনত : বিধায়ক প্ৰণৱ গগৈ

December 17, 2018 9:09 pm · পাৰ্শ্বজ্যোতি গগৈ
ফটো : নৰ্থ-ইষ্ট নাও

আজি শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈয়ে পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হোৱা জিলা পৰিষদ, আঞ্চলিক পৰিষদ, গাঁও পৰিষদ আৰু ৱাৰ্ড সদস্যসকলক নিজা বাসভৱনত সম্বৰ্ধনা জনায়।

ব্লক কংগ্ৰেছৰ সভাপতি লাচিত মহনে আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত প্ৰণৱ গগৈয়ে কয় যে আজিৰ যুগত জনসাধাৰণ ৰাজনৈতিক ভাৱে সচেতন। ৰাইজৰ সেৱা কৰিবলৈ অহা সকলে নিস্বাৰ্থভাৱে ৰাইজৰ সেৱা কৰিলেহে দেশৰ উন্নতি হ’ব। বিজয়ী প্ৰাৰ্থীসকলে দুৰ্নীতিক প্ৰশ্ৰয় নিদি জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে ৰাইজৰ হৈ সেৱা কৰি যাবলৈও আহ্বান জনায়।

সম্বৰ্ধনা অনুষ্ঠানতে বিজেপিক সমালোচনা কৰি গগৈয়ে কয় ‘আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিয়ে এশতকৈও অধিক আসন হেৰুৱাব’।

সম্বৰ্ধনা অনুষ্ঠানত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক মনজিৰ গগৈ, শিৱসাগৰ ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী নাজমা বেগম,  জিলা কংগ্ৰেছৰ উপ-সভাপতি প্ৰমীৰ গগৈৰ লগতে আটাইকেইখন মণ্ডলৰে সভাপতি সম্পাদকসকল উপস্থিত থাকে।

আনহাতে জিলা উপ-সভাপতি প্ৰমীৰ গগৈয়ে বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে শিৱসাগৰ আঞ্চলিক পঞ্চায়তখন কংগ্ৰেছে গঠন কৰিব বুলি মন্তব্য কৰে।

সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই বিজয়ী হোৱা সকলো প্ৰাৰ্থীকে বিধায়ক প্ৰণৱ গগৈয়ে অভিনন্দন জনোৱাৰ লগতে একোখনকৈ গামোচাৰে সম্বৰ্ধনা জনায়।

Related News