কংগ্ৰেছ ভঙাত অৰিহনা যোগোৱা ভুৱনেশ্বৰ কলিতাক পুৰস্কৃত কৰিব বিজেপিয়ে!

পুনৰ ৰাজ্যসভালৈ ভুৱনেশ্বৰ কলিতা আৰু বিশ্বজিৎ দৈমাৰী!

BHubaneswar Biswajit

শাসকীয় বিজেপিয়ে প্ৰক্ষেপ কৰিব বিচৰা দুগৰাকী প্ৰাৰ্থী ক্ৰমে ভুৱনেশ্বৰ কলিতা আৰু বিশ্বজিৎ দৈমাৰী।

সমাগত ৰাজ্য সভাৰ নিৰ্বাচন। অহা ২৬ মাৰ্চত অনুষ্ঠিত হ’ব ১৭ খন ৰাজ্যৰ ৮৩ খন আসনৰ বাবে ৰাজ্যসভাৰ নিৰ্বাচন। অহা ৯ এপ্ৰিলত খালী হ’ব ৰাজ্যৰ তিনিখনকৈ ৰাজ্যসভাৰ আসন।

প্ৰাক্তন সাংসদ ভূৱনেশ্বৰ কলিতা, বিশ্বজিৎ দৈমাৰী আৰু সঞ্জয় সিঙে আসন তিনিখনৰ পৰা অৱসৰ গ্ৰহণ কৰিব।

ইয়াক লৈ শাসকীয় বিজেপি আৰু বিৰোধী কংগ্ৰেছে আৰম্ভ কৰিছে ৰাজনৈতিক সমীকৰণ। তিনিওখন আসনক কেন্দ্ৰ কৰি শাসক-বিৰোধীৰ মাজত বহু জল্পনা কল্পনা দেখিবলৈ পোৱা গৈছে।

ইপিনে, এনেবোৰ জল্পনা কল্পনাৰ মাজতে কংগ্ৰেছক দুৰ্বল কৰি বিজেপিত যোগদান কৰা ভুৱনেশ্বৰ কলিতাক পুনৰবাৰ পুৰস্কৃত কৰিব বিচাৰিছে বিজেপিয়ে।

বিজেপিৰ এক উচ্চস্তৰীয় সুত্ৰই দাবী কৰা মতে ভুৱনেশ্বৰ কলিতাক পুনৰবাৰ ৰাজ্যসভাৰ সাংসদ হিচাপে পঠিয়াব বিজেপিয়ে।

সুত্ৰটোৱে দাবী কৰা মতে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে ভুৱনেশ্বৰ কলিতাৰ এক সু-সম্পৰ্ক আছে। আনকি কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ কৰ্তন কৰাৰ সময়ত কলিতাই সমৰ্থন জনাই গেৰুৱা সাজ পিন্ধাৰ পাছত সন্তুষ্ট কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ লগতে অন্য উচ্চস্তৰীয় নেতৃত্ব।

কিন্তু তাৰ মাজতো যেন ৰৈ গৈছে কিছু অৱকাশ। সেই অৱকাশ সৃষ্টি হৈছে বিজেপিৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা। কংগ্ৰেছত থকাৰে পৰা হিমন্ত বিশ্ব শৰ্মা আৰু ভুৱনেশ্বৰ কলিতাৰ মাজত থকা সম্পৰ্ক ইমান ঠিক নহয় বুলি ৰাজনৈতিক মহলত চৰ্চিত হৈ আহিছে।

সেইক্ষেত্ৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভুৱনেশ্বৰ কলিতাৰ উত্থানত হেঙাৰ হৈ পৰিব নেকি? সুযোগ-সুবিধাৰ সমান্তৰালকৈ এই প্ৰশ্নটোও এতিয়া উত্থাপন হৈছে।

উল্লেখযোগ্য যে, যোৱা বৰ্ষৰ ৫ আগষ্টত ৰাজ্যসভাৰ সাংসদৰ পৰা পদত্যাগ কৰিছিল কলিতাই। তাৰ পাছতে কলিতাই ৯ আগষ্টত বিজেপিত যোগদান কৰিছিল।

ইপিনে, ইতিমধ্যে মিত্ৰজোঁট অগপক ৰাজ্যসভাৰ এখন আসন এৰি দিলে বিজেপিয়ে। এতিয়া বিপিএফক এখন আসন দিব বিজেপিয়ে।

সুত্ৰটোৱে দাবী কৰা মতে পুনৰবাৰ বিশ্বজিৎ দৈমাৰীকে বিপিএফৰ সাংসদ হিচাপে নিৰ্বাচিত কৰি পঠিয়াব।

উল্লেখ কৰিব পাৰি যে, খালী হ’বলগীয়া তিনিখন আসনৰ ভিতৰত দুখন আসনৰ বিজয়ত নিশ্চিত শাসকীয় বিজেপি।

অৱশ্যে তৃতীয়খন আসন নিজৰ দখললৈ অনাৰ বাবে কুচ-কাৱাজ অৱ্যাহ ৰাখিছে বিৰোধী কংগ্ৰেছ আৰু এআইয়ুডিএফে।