ৰাইজৰ আশীৰ্বাদত অসমত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ’ব: সৰ্বানন্দ সোণোৱাল

22-Sarbananda-Sonowal

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

ৰাজ্যত তিনিটা পৰ্যায়ত অনুষ্ঠিত বিধানসভা নিৰ্বাচনৰ আজি ভোট গণনা চলি আছে। ইতিমধ্য ৰাজ্যৰ কেইবাটাও সমষ্টিত কেইবা ৰাউণ্ড ভোট গণনা সম্পন্ন হৈছে।

শেহতীয়া দৃশ্যপট অনুসৰি বিজেপি মিত্ৰজোঁটে প্ৰায় সংখ্যক সমষ্টিতে আগবাঢ়ি আছে। বিজেপি মিত্ৰজোঁটে ৭৫ খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে কংগ্ৰেছ মহাজোঁটে ৪৮ খন আসনতহে আগবাঢ়ি থকা দেখা গৈছে।

এনে পৰিস্থিতিত বিজেপিৰ ফলাফল অতি উন্নত বুলি বহুতে মন্তব্য কৰিছে। ইয়াৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ’ব বুলি পুনৰ বাৰ দোহাৰিছে।

এটা সংবাদমাধ্যমক দিয়া সাক্ষাৎকাৰত সোণোৱালে কয় যে অসমৰ ৰাইজৰ আশীৰ্বাদতে বিজেপি মিত্ৰজোঁটে অসমত পুনৰ চৰকাৰ গঠন কৰিব পাৰিব।

বিজেপি মিত্ৰজোঁটৰ প্ৰতি অসমৰ ৰাইজে আগবঢ়োৱা সহাঁৰিৰ বাবে তেওঁ ৰাজ্যবাসীক ধন্যবাদো জ্ঞাপন কৰিছে।ইপিনে মাজুলী সমষ্টিত বিজেপিৰ প্ৰাৰ্থী মু্খ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কংগ্ৰেছৰ প্ৰাথী ৰাজীৱ লোচন পেগুতকৈ ভালেখিনি ভোটত আগবাঢ়ি আছে।