বিজেপিয়ে একক সংখ্যা গৰিষ্ঠতা লাভ কৰি পৰিষদ গঠন কৰিব : মন্ত্ৰী পিযুষ হাজৰিকা

ফটো : নৰ্থ-ইষ্ট নাও

মধ্য অসমৰ ভূমিপুত্ৰ তিৱা জনগোষ্ঠীৰ স্বায়ত্ত শাসনৰ পৰিষদীয় নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে শাসক বিৰোধীৰ লগতে ৰাজনৈতিক দল সমূহৰ মাজত বৃদ্ধি পাইছে ব্যাপক নিৰ্বাচনী তৎপৰতা।

সেই লক্ষ্যৰে আজি ১২নং নখোলা সমষ্টিৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ আহে অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী তথা স্থানীয় বিধায়ক পিযুষ হাজৰিকা।

জাগীৰোডৰ নখোলাত অনুষ্ঠিত হোৱা সভাখনত অসম চৰকাৰৰ মন্ত্ৰী পিযুষ হাজৰিকাই আগন্তুক তিৱা পৰিষদৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী চমুকৈ বিজেপিয়ে একক সংখ্যা গৰিষ্ঠতা লাভ কৰি পৰিষদ গঠন কৰিব বুলি দাবী কৰে।

ৰাজ্য তথা কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিৰ বিষয়ে ব্যাখ্যা আগবঢ়াই পৰিষদ গঠনৰ লক্ষ্যৰে ১২ নং নখোলা সমষ্টিৰ প্ৰাৰ্থী তুলসী বৰদলৈক জয়ী কৰিবলৈ ৰাইজক আহ্বান জনায়।

ইফালে প্ৰচণ্ড শীতকো নেওচি শতাধিক ৰাইজ উপস্থিত থকা সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসো উপস্থিত থাকে।