NORTHEAST NOW (Assamese)

বন্ধ সমৰ্থকক গালি পৰা বিজেপি কৰ্মীক গুৰুলা গুৰুলকৈ প্ৰহাৰ

December 10, 2019 1:17 pm · পাৰ্শ্বজ্যোতি গগৈ
Updated: December 10, 2019 1:26 pm

সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো উত্তৰ-পূব ছাত্ৰ সন্থাই আহ্বান জনোৱা অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ৰূপত পৰা পৰিলক্ষিত হৈছে।

পুৱাই কেইবাশতাধিক আছু কৰ্মী ৰাজপথলৈ ওলাই আহি বন্ধৰ সমৰ্থনত বিভিন্ন স্থানত টায়াৰ জ্বলাই প্ৰতিবাদ কৰাৰ লগতে চৰকাৰ বিৰোধী শ্লগান দিয়ে।

বন্ধৰ সময়ত বিজেপিৰ ৰাজ্যিক সম্পাদক ভবেন মহনৰ ঘনিষ্ঠ বিজেপি কৰ্মী মানস হাজৰিকাই কেবৰ বিৰোধিতা কৰা সকলক উদ্দেশ্যি অশ্লীল বাক্যবাণ কৰাক লৈ আছুৰ কৰ্মীৰ সৈতে ৰাজপথতে হতাহতি লাগে।

AS 04 M 0696 নম্বৰৰ বগা ৰঙৰ চুইফট গাড়ীত অহা বিজেপি কৰ্মীজনে দ’লমুখ চাৰিআলিত আছু কৰ্মী সকলক উদ্দেশ্যি গালি-গালাজ কৰাত আছু কৰ্মীয়ে গাড়ীৰ ভিতৰতে গুৰুলা গুৰুল কৈ প্ৰহাৰ কৰে বিজেপি কৰ্মীজনক।

অৱশেষত আছু কৰ্মী আৰু ৰাইজৰ খং দেখি পলায়ন কৰে বিজেপি কৰ্মী জনে।

উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আছু আৰু নেছ’ই আহ্বান জনোৱা অসম বন্ধত শিৱসাগৰত স্তব্ধ হৈ পৰিছে স্বাভাৱিক জনজীৱন।

Related News