হত্যাৰ চেষ্টা কৰাৰ অপৰাধত বৰপেটা জেইলত কাৰাবন্দী হৈ থকা এগৰাকী কয়দীয়ে আজি আত্মহত্যা কৰে ৷
আত্মহত্যা কৰা লোকজন জিলাখনৰ বৰপেটাৰোডৰ শিমলাগুৰিৰ মনীন্দ্ৰ আৰ্যৰ পুত্ৰ সমৰ আৰ্য(৩৯) ৷
ঘটনা সন্দৰ্ভত জানিব পৰা মতে আজি পুৱা ৯ বজাত বৰপেটা জেইলৰ ভিতৰত কয়দীসকলৰ গণনা কৰি থকা অৱস্থাত সমৰ আৰ্য নামৰ কয়দীজন বাথৰুমলৈ যায় আৰু বাথৰুমৰ ভিতৰতে নিজৰ কাপোৰেৰে চিপলৈ আত্মহত্যা কৰে ৷
যোৱা ৪ ডিচেম্বৰত সমৰ আৰ্যই বৰপেটাৰোডৰ কলহভাঙাৰ যুৱ ব্যৱসায়ী ৰাজদ্বীপ সুত্ৰধৰক চুৰিৰে হানি হত্যা কৰাৰ অভিযোগত কাৰাৰুদ্ধ হৈ আছিল ৷
আজি পুৱাৰ ভাগত কয়দীজনে আত্মহত্যা কৰাত জেইলৰ ভিতৰত একপ্ৰকাৰ হুৱা দুৱা লাগে ৷
ইপিনে কয়দীজনৰ এই আত্মহত্যাক সহজভাবে মানি লব পৰা নাই পৰিয়ালৰ লোকে ৷ তেওঁলোকে অভিযোগ কৰে এয়া আত্মহত্যা নহয়।