NORTHEAST NOW (Assamese)

পৰকীয়াৰ সন্দেহত পত্নীক গুলী; ৩ সন্তানক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ বিজেপি কৰ্মী

March 24, 2025 10:21 am · এন ই নাও নিউজ, নতুন দিল্লী

উত্তৰ প্ৰদেশৰ চাহাৰানপুৰত পত্নীক গুলীওৱাৰ লগতে তিনি সন্তানক হত্যা কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন বিজেপি কৰ্মীক। স্থানীয় আৰক্ষী অধীক্ষক ৰোহিত সাজৱানে জনোৱা মতে, ২২ মাৰ্চত অভিযুক্ত যোগেশ ৰোহিলাই সগাথেডা গাঁৱত আৰক্ষীক জনাইছিল যে তেওঁ নিজৰ পৰিয়ালক গুলীয়াই হত্যা কৰিছে।

আৰক্ষী বিষয়াসকলে লগতে কয় যে ৰোহিলাই আৰক্ষীক জনাইছিল যে তেওঁ মানসিকভাৱে বিপৰ্যস্ত হৈ পৰিছে কিয়নো তেওঁৰ পত্নী নেহাৰ বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক আছে  আৰু বহু চেষ্টাৰ পিছতো তেওঁ আন ব্যক্তিৰ সৈতে সম্পৰ্ক শেষ কৰিব নোৱাৰে।

এই ঘটনা সন্দৰ্ভত অতিৰিক্ত আৰক্ষী অধীক্ষক (গ্ৰাম্য) সাগৰ জৈনে কয় যে পত্নীৰ বিশ্বাসঘাতকতাৰ বাবে সমাজত তেওঁৰ ভাবমূৰ্তি কলংকিত হোৱাত ৰোহিলাই অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰেৰে পত্নী আৰু তিনিটা সন্তানৰ ওপৰত গুলীচালনা কৰে। তেওঁৰ দুটা সন্তান – ১২ বছৰীয়া শ্ৰদ্ধা আৰু ৫ বছৰীয়া দেবাংশৰ থিতাতে মৃত্যু হয়। তেওঁৰ পত্নী আৰু ৭ বছৰীয়া পুত্ৰ শিৱাংশক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হয়। তাত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় শিশুটিৰ। পিছত তেওঁৰ পত্নীক চিকিৎসাৰ বাবে মেডিকেল কলেজলৈ স্থানান্তৰ কৰা হয়। শিশুকেইটাৰ মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পিছত ২৩ মাৰ্চত শেষকৃত্য সম্পন্ন কৰা হয়।

ঘটনাৰ অভিযুক্ত বিজেপি কৰ্মী যোগেশ ৰোহিলাক গ্ৰেপ্তাৰ কৰাৰ লগতে এটা অনুজ্ঞাপত্ৰ থকা পিষ্টল, চাৰিটা চেল, ১০টা সজীৱ গুলী আৰু এটা বন্দুকৰ বেৰেল জব্দ কৰা হৈছে। তদুপৰি যোগেশৰ পৰা দুটা মোবাইল ফোনো উদ্ধাৰ কৰা হৈছে।

আৰক্ষীৰ জেৰাৰ সময়ত ৰোহিলাই কয় যে তেওঁ আগতে প্ৰপাৰ্টি ডিলাৰ হিচাপে কাম কৰিছিল। ২০১২ চনত প্ৰথম পত্নীৰ মৃত্যুৰ পিছত ২০১৩ চনত সামলী জিলাৰ কৈৰানাৰ বাসিন্দা নেহাক বিয়া কৰায়। পত্নী নেহাৰ ভাতৃ ৰজনীশ কুমাৰে এজাহাৰ দাখিল কৰাৰ লগতে যোগেশ ৰোহিলাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰা বুলি জানিবলৈ দিয়ে।

এজন দলীয় কৰ্মীয়ে নিজৰ তিনিটা সন্তানক গুলীয়াই হত্যা কৰাৰ পিছতো বিজেপিয়ে কোনো বিবৃতি প্ৰকাশ কৰা নাই। অৱশ্যে গাংগোহ বিধান সভা সমষ্টিৰ বিজেপি বিধায়ক কিৰাট সিঙে সংবাদ সংস্থাক কয়, ‘মই নাজানো কিয় এই ঘটনা সংঘটিত হ’ল। অতি বেদনাদায়ক।’

ইপিনে, যোগেশ ৰোহিলা কোনো দলীয় পদত অধিষ্ঠিত আছিল নেকি বুলি সোধাত বিধায়কগৰাকীয়ে কয়, ‘কাণ্ডটো অমানৱীয় আৰু এই ব্যক্তিজনে কোনটো ৰাজনৈতিক দলক সমৰ্থন কৰে সেয়া প্ৰশ্ন নহয়।’

Related News