শিৱসাগৰত নিৰ্বাচনী উত্তেজনা: সুৰাৰ সপক্ষে কথা কোৱা বিজেপি কৰ্মীক আবদ্ধ কৰি ৰাখিলে ৰাইজে

শিৱসাগৰ পৌৰসভাৰ ১০ নং ৱাৰ্ডত নিৰ্বাচনী প্ৰতিশ্ৰুতি প্ৰদানক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তেজনাৰ।

এনে উত্তেজনাৰ মাজতে ৰাইজে আবদ্ধ কৰি ৰাখিলে বিজেপি কৰ্মীক।

বিজেপি নেতা তথা ১০ নং ৱাৰ্ডৰ তত্বাবধায়ক জনৈক ডেকাৰ নেতৃত্বত যোৱা দল এটাক আবদ্ধ কৰি ৰাখে ৰাইজে।

দলটোৰ ব্ৰাজিল চুতীয়া নামৰ এজন ব্যক্তিক ৰাইজে ২ ঘন্টা ধৰি আবদ্ধ কৰি ৰাখে।

ৰাইজৰ অভিযোগ অনুসৰি ৱাৰ্ডটোৰ ন-পাম অঞ্চলত ৰাইজৰ চেষ্টাত অবৈধ সুৰাৰ প্ৰচলন বন্ধ কৰা হৈছিল যদিও ৱাৰ্ডটোৰ বিজেপি প্ৰাৰ্থী গৰাকী জয়ী হ’লে বন্ধ হৈ থকা অবৈধ সুৰাৰ বিপনী বোৰ পুনৰ মুকলি কৰা হ’ব বুলি প্ৰলোভন দিছিল বিজেপিৰ দলটোৱে।

ফলত বিজেপিৰ দলটোৰ ওপৰত খৰ্গহস্ত হৈ পৰে অঞ্চলটোৰ পুৰুষ-মহিলাসকল।

বিজেপিৰ দলটোক নেতৃত্ব দিয়া জনৈক ডেকাই সেই স্থানৰ পৰা পলায়ন কৰে যদিও ৰাইজৰ ৰোষত পৰে ব্ৰাজিল চুতীয়া নামৰ বিজেপি কৰ্মীজন ।

ৰাইজে আবদ্ধ কৰি ৰখা ব্ৰজিল চুতীয়াই ৰাইজৰ আগত ক্ষমা ভিক্ষা মাগে যদিও ৰাইজে বিজেপি কৰ্মীজনক মুকলি কৰি দিবলৈ অস্বীকাৰ কৰে ।

পাছত শিৱসাগৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে উদ্ধাৰ কৰে ৰাইজৰ ৰোষত পৰা বিজেপি কৰ্মীজনক ।

পৌৰ নিৰ্বাচনত শাসকীয় দলটোৰ ৰাজ্যিক পৰ্যায়ৰ নেতাই এইদৰে অবৈধ সুৰাৰ বিপনী খুলি দিয়াৰ প্ৰলোভনৰে নিৰ্বাচনী বৈতৰণী পাৰ হ’ব খোজাৰ ঘটনাই এতিয়া শিৱসাগৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।