NORTHEAST NOW (Assamese)

নিৰ্বাচন আয়োগৰ নাকৰ তলতে বিধি উলংঘা বিজেপিৰ : কামৰূপতো বিজেপি কৰ্মীয়ে বিলাই ফুৰিছে অৰুণোদয়ৰ ফৰ্ম

May 3, 2024 11:05 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী

প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়ত বিধি উলংঘা কৰাৰ দৰে তৃতীয় পৰ্যায়তো নিৰ্বাচনী বিধি ধোঁৱা চাঙত তুলিছে ভাৰতীয় জনতা পাৰ্টিয়ে।

আকৌ পোহৰলৈ আহিছে আৰ্থ-সামাজিক জৰীপৰ নামত নিৰ্বাচনী বিধি উলংঘা কৰি বিজেপি কৰ্মীয়ে ঘৰে ঘৰে হিতাধিকাৰী আঁচনিৰ ফৰ্ম বিলাই ফুৰাৰ ঘটনা।

কামৰূপ জিলাৰ বকো ৰাজহ চক্ৰৰ অন্তৰ্গত একাংশ গাঁৱত সংঘটিত হৈছে এই ঘটনা।

নিৰ্বাচন শেষ হোৱাৰ পিছতে জমা দিবৰ বাবে বিজেপি নেতা-কৰ্মীয়ে ঘৰে ঘৰে বিলাইছে “আৰ্থ-সামাজিক জৰীপ প্ৰ-পত্ৰ” বুলি উল্লেখ থকা তিনিখনকৈ ফৰ্ম।

প্ৰথম ফৰ্মৰ শিৰোনাম হৈছে “‘অৰুণোদয় আঁচনিৰ বাবে ভাৰতীয় জনতা পাৰ্টি, অসম ৰাজ্যৰ আৰ্থ-অৰ্থনৈতিক জৰীপ নং ১”।

দ্বিতীয়খন ফৰ্মতো প্ৰথম ফৰ্মৰ দৰেই শিৰোনাম আছে আৰু ইয়াত প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ কথা উল্লেখ কৰা হৈছে আৰু লগতে উল্লেখ আছে এইদৰে – “আপোনাৰ ৰেচন কাৰ্ড আপোনাৰ পৰিয়ালৰ বাবে এক অভেদ্য সুৰক্ষাৰ ঢাল।”

তৃতীয় খন ফৰ্মত কোৱা হৈছে ‘মিলিয়ন মইনা আঁচনি’ৰ কথা। য’ত উল্লেখ কৰা হৈছে যে বিজেপি নেতৃত্বাধীন চৰকাৰে নাৰী সমাজৰ উন্নতিৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। নামভৰ্তি আৰু মহিলা শিক্ষাৰ বাবে দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰীৰ বাবে ১০ হাজাৰ, উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হোৱা ছাত্ৰীৰ বাবে ১২,৫০০ টকা, আৰু স্নাতক উত্তীৰ্ণ হোৱা ছাত্ৰীৰ বাবে ২৫ হাজাৰ টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।

উক্ত প্ৰ-পত্ৰসমূহত আছে বিজেপি দলৰ প্ৰতীক আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ছবি।

উল্লেখ্য যে ঘৰে ঘৰে গৈ এই প্ৰ-পত্ৰ সমূহ বিজেপি কৰ্মীসকলে নিজেই পূৰণ কৰিছে। উক্ত ফৰ্মসমূহত হিতাধিকাৰীৰ নাম, বেংক একাউণ্টৰ সবিশেষ ইত্যাদি পূৰণ কৰা হৈছে। লগতে এই আঁচনি সমূহ ৰূপায়ন কৰাৰ বাবে পৰোক্ষ আৰু প্ৰত্যক্ষভাবে ভোট বিচৰাৰ অভিযোগ উত্থাপন হৈছে।

ইফালে বিজেপিৰ এই কৰ্মকাণ্ডৰ সম্পৰ্কে গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে কয় যে গাঁৱৰ মহিলাৰ মাজত এনে প্ৰ-পত্ৰ বিতৰণৰ মূল উদ্দেশ্য হৈছে নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ সমৰ্থন লাভ কৰা।

আনহাতে এই নিৰ্বাচনী বিধি উলংঘা কৰা বিজেপিৰ এই কাণ্ড সন্দৰ্ভত প্ৰশ্ন কৰাত বকো ব্লক বিজেপিৰ সাধাৰণ সম্পাদক লাচিত কলিতাই কয় যে লোকসভা নিৰ্বাচনৰ পিছত এই আঁচনিসমূহ কাৰ্যকৰী কৰাৰ বাবে গাঁওসমূহৰত মাজত পাঁচখন জৰীপ প্ৰ-পত্ৰ বিতৰণ কৰা হৈছে।

উল্লেখ্য যে চৰকাৰী বিষয়া তথা নিৰ্বাচন আায়োগৰ বিষয়াৰ নাকৰ তলতে বিজেপিয়ে সংঘটিত কৰি আছে এই জঘণ্য ঘটনা। দেশৰ গণতান্ত্ৰিক ব্যৱস্থা আৰু আইন কানুনক পদাঘাত কৰি ভোট লাভৰ এই কৌশলী কাণ্ডৰ বাবে বিজেপিক তীব্ৰ গৰিহণা দিছে সচেতন ৰাইজ তথা বিৰোধী দলসমূহে।

Related News