• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপিত গৃহকন্দল! কেন্দ্ৰীয় মন্ত্ৰী সুভাষ চৰকাৰৰ বিৰুদ্ধে টায়াৰ জ্বলাই প্ৰতিবাদ বিজেপি কৰ্মীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 23, 2023 4:24 pm
589
VIEWS
Share on FacebookShare on Twitter

বাংকুৰা সমষ্টিৰ বিজেপিৰ সাংসদ তথা কেন্দ্ৰীয় শিক্ষা ৰাজ্যিক মন্ত্ৰী সুভাষ চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰিছে খোদ বিজেপিৰ কৰ্মকৰ্তাসকলে। 

শনিবাৰে বাংকুৰাৰ শালতোৰাৰ লাধ ছেক্সনত টায়াৰ জ্বলাই কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীৰ বিৰুদ্ধে বিজেপি কৰ্মী-সমৰ্থক সকলে প্ৰতিবাদ সাব্যস্ত কৰে। 

একে সময়তে বাংকুৰা বিজেপিৰ জিলা সভাপতি সুনীল ৰুদ্ৰ মণ্ডলৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰে দলীয় কৰ্মীসকলে। 

এইদৰে প্ৰতিবাদ সাব্যস্ত কৰি কৰ্মীসকলে নৱনিযুক্ত মণ্ডল সভাপতিক গ্ৰহণ কৰা নহ’ব বুলিও সকীয়াই দিয়ে। 

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীক বাংকুৰাৰ বিজেপিৰ জিলা কাৰ্যালয়ত দুঘণ্টা ধৰি আৱদ্ধ কৰি ৰাখিছিল দলীয় কৰ্মকৰ্তাসকলে। আৰক্ষী আহি তলা ভাঙিহে উদ্ধাৰ কৰি উলিয়াই আনিছিল সাংসদগৰাকীক। 

বিজেপিৰ দলীয় সংঘাতৰ বাবেই জিলাখনত এনেদৰে দলৰ বিৰুদ্ধে ইটোৰ পিছতকৈ প্ৰতিবাদ সাব্যস্ত কৰিছে তৃৰ্ণমূল পৰ্যায়ৰ কৰ্মচাৰীসকলে। লোকসভা নিৰ্বাচন যিমানেই ওচৰ চাপি আহিছে সিমানেই আন্তঃকন্দল বৃদ্ধি পাইছে বিজেপিৰ ভিতৰ চ’ৰাত।

পুৰণি বিজেপি কৰ্মীক দলত আগস্থান নিদিয়াৰ অভিযোগত ক্ষোভিত হৈ পৰিছে দলীয় কৰ্মীসকল। নিম্ন পৰ্যায়ৰ কৰ্মীক অৱগত নকৰাকৈয়ে মণ্ডল সভাপতি নিযুক্তি দিয়াক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে সমষ্টিটোৰ দলীয় সদস্য সকলে।

স্থানীয় বিজেপি কৰ্মীসকলে দাবী কৰে যে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী সুভাষ চৰকাৰে বিপদত তেওঁলোকৰ কাষত থিয় দিয়া নাছিল। পঞ্চায়ত নিৰ্বাচনৰ সময়ত তৃণমূলে তেওঁলোকক আক্ৰমণ কৰাৰ পিছতো জিলা বিজেপিৰ সভাপতি বা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীৰ কোনো এজনো তেওঁলোকক লগ কৰিবলৈ অহা নাছিল।

এনে পৰিপ্ৰেক্ষিতত বাংকুৰা জিলা বিজেপি কিষাণ মৰ্চা সভাৰ সভাপতি ৰাহুল গংগোপাধ্যায়ে কয়, “পঞ্চায়ত নিৰ্বাচনত মোক তৃণমূলৰ দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰিছিল, মোৰ গাড়ী ভাঙি পেলোৱা হৈছিল। কিন্তু সেই সময়ৰ পৰা আজিলৈকে বাংকুৰা জিলাৰ নেতৃত্ব বা মন্ত্ৰীয়ে মোৰ কোনো খবৰ লোৱা নাছিল।”

এই সন্দৰ্ভত এটা ব্যক্তিগত টেলিভিছন চেনেলৰ আগত ৰাজ্যিক বিজেপি নেতা ৰাহুল সিনহাই কয়, ‘‘বাংকুৰাৰ শালতোৰাত যিটো ঘটনা সংঘটিত হৈছিল সেয়া অতি দুৰ্ভাগ্যজনক বুলি মই ভাবো। মই ভাবো দলৰ নেতৃত্বই বিষয়টো চাব। বিজেপি কৰ্মীৰ ক্ষোভ কমাবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মই ভাবো।”

Recent News

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd