মিত্ৰতা থাকিলেও কেশৱ মহন্তই বিজেপিক এৰি দিব লাগিব কলিয়াবৰ, দাবী গেৰুৱা বাহিনীৰ

২০২১ বিধানসভা নিৰ্বাচনত যদিহে অগপ-বিজেপিৰ মিত্ৰতা অব্যাহত থাকে তেন্তে মন্ত্ৰী কেশৱ মহন্তই সমষ্টিটো বিজেপিক এৰি দিব লাগে বুলি দাবী উত্থাপন কৰিছে বিজেপি কৰ্মীসকলে।

আসনখন বিজেপিক এৰি নিদিলে কলিয়াবৰত ভোট বিভাজন হ’ব পাৰে বুলিও সমষ্টিটোৰ বিজেপি নেতা-কৰ্মীসকলে মন্তব্য কৰিছে।

বিজেপিৰ তৃণমূল সদস্যকে ধৰি পঞ্চায়তৰ বিষয়-ববীয়া আৰু বিজেপি দলৰ কৰ্মকৰ্তা সকলে আগন্তুক ২০২১ ৰ নিৰ্বাচনত কলিয়াবৰত বিজেপিৰ প্ৰাৰ্থী দাবী কৰি শীৰ্ষ নেতৃত্বক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিব বুলি জনায়।

১৫ বছৰে কলিয়াবৰত অগপৰ ভেটি শক্তিশালী কৰি কেৱল নিজৰ দলৰ মানুহকে গুৰুত্ব প্ৰদান কৰা কেশৱ মহন্তই বিজেপিৰ লগত মিত্ৰতা কৰিও বিজেপি দলৰ লোকসকলক মাহী আইৰ দৃষ্টিৰে চোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে।

আনহাতে কেন্দ্ৰ আৰু ৰাজ্যত বিজেপিৰ চৰকাৰ থকা বাবে কলিয়াবৰত এতিয়া বিজেপিৰ কৰ্মী সকলে নিজৰ দলৰ এজন বিধায়ক বিচাৰিছে কিয়নো বিগত পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে কলিয়াবৰত যথেষ্ট ভাল ফলাফল লাভ কৰিছিল।

আজি ভাৰতীয় জনতা পাৰ্টী ৮৯ নং কলিয়াবৰ বিধানসভা সমষ্টিৰ সাংগঠনিক ও দলীয় প্ৰাৰ্থিত্ব সম্পৰ্কে কলিয়াবৰ তিনিআলিৰ গৌৰী ভৱনত এখন সাধাৰণ সভা অনুষ্ঠিত হয়।

এই সভাতেই বিজেপি দলে আগন্তুক ২০২১ ৰ নিৰ্বাচনত কলিয়াবৰত বিজেপিৰ নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সন্দৰ্ভত দলীয় নেতা-কৰ্মী সকলে আলোচনা কৰে।