দুধনৈত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বিৰুদ্ধেই হুংকাৰ দিলে বিজেপি কৰ্মীয়ে

bhaba

বিজেপিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা হোৱাৰ লগে লগে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে প্ৰতিবাদ ৷ দুধনৈতো বিজেপি কাৰ্যালয়ৰ সন্মুখত শতাধিক বিজেপি কৰ্মী,সমৰ্থক পুৰুষ মহিলাই গোৱালপাৰাৰ চাৰিটা সমষ্টিৰ ভিতৰত দুটা AGP ক আৰু এটা অৰ্থাৎ দুধনৈ সমষ্টিটো ৰাভা যৌথ সংগ্ৰামক এৰি দিয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাৱস্ত্য কৰে।

বিজেপিৰ শীৰ্ষ নেতৃত্বৰ এনে সিদ্ধান্ত কোনোপধ্যে মানি ল’ব পৰা নাই গোৱালপাৰা জিলা বিজেপিয়ে ৷

আজি দুধনৈত বিজেপি কৰ্মীসকলে হাতে হাতে বেনাৰ প্লে কাৰ্ড আদি লৈ প্ৰতিবাদ সাৱ্যস্ত কৰে ৷

আনহাতে দুধনৈৰ বিজেপি বিধায়ক দীপক কুমাৰ ৰাভাৰ টিকট কৰ্তনৰ বাবে অনিৰ্দিষ্টকাললৈ দুধনৈৰ বিজেপি কাৰ্যালয়ত তলা লগাই দিয়ে ৷

লগতে অহিকালিৰ পৰাও এলানি আন্দোলনৰ কাৰ্যসূচীও হাতত লৈছে গোৱালপাৰা বিজেপিয়ে ৷

যি কোনো মূল্যৰ বিনিময়ত দুধনৈত দীপক ৰাভাক টিকট লাগিব বুলি হুংকাৰ প্ৰদান কৰাৰ লগতে মিত্ৰজোঁটৰ প্ৰাৰ্থীক কোনো পধ্যেই বিজেপিয়ে সমৰ্থন নকৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷