বিজেপিৰ জন বিৰোধী নীতিৰ বাবে অসমৰ পৰিস্থিতি ভয়াবহ হৈ পৰিছে : অখিল গগৈ

Akhil-Gogoi-680x365

অখিল গগৈ। ফাইল ফটো

ৰাজ্যখনৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ একাংশ মন্ত্ৰী-বিধায়কৰ টুলুঙা তথা উপলুঙাসমূচক মন্তৱ্যৰ বাবে ৰাজ্যখনৰ পৰিস্থিতি অশান্ত হৈ পৰা বুলি মন্তৱ্য কৰিছে কৃষক নেতা অখিল গগৈয়ে। গগৈয়ে শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত কয় যে চৰকাৰৰ দায়িত্বশীল ব্যক্তিসকলে কৰা উচটনিমূলক মন্তৱ্যৰ বাবে ৰাজ্যত অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছে।

কৃষক নেতাগৰাকীয়ে কয় যে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ সমৰ্থনত বিধায়ক শিলাদিত্য দেবে অসমীয়া লোকক তুচ্চ-তাচ্চিল্য কৰি কৰা ৰাজহুৱা মন্তৱ্যৰ পাছতে ধলা-কাণ্ড সংঘটিত হৈছিল।

একেদৰে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱা তথা সংগঠনটোত নতুনকৈ যোগ দিয়া যুৱক-যুৱতীসকল উপলুঙা কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তৱ্য কৰাৰ ফলতে ডিমৌৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে।

অখিল গগৈয়ে ৰাজ্যৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ ভয়ানকভাৱে অৱনতি ঘটিছে বুলি উল্লেখ কৰি ইয়াৰ বাবে বিজেপিয়ে দায়ী বুলি কয়। তেওঁ লগতে কয় যে বিজেপিৰ জন বিৰোধী নীতিৰ বাবে অসমৰ পৰিস্থিতি ভয়াবহ হৈ পৰিছে।

তাৎপৰ্যপূৰ্ণভাৱে কৃষক নেতা গগৈয়ে কয়, ‘’দল আৰু চৰকাৰে যেতিয়া বিদেশী অনাৰ কথা কয় তেতিয়া কোন দেশপ্ৰেমিক স্থিৰ হৈ থাকিব পাৰে?’’

অখিল গগৈয়ে লগতে ৰাজ্যখনক অস্থিৰ কৰি তোলাৰ বাবে চৰকাৰক জগৰীয়া কৰি চৰকাৰে জাতি ধ্বংস কৰিবলৈ বিদেশী আনিবলৈ লোৱা পদক্ষেপৰ বাবে আলফা পুনৰ মূৰ দাঙি উঠিছে বুলি কৈ গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি চৰকাৰে গুৰুত্ব নিদিয়াৰ বাবে যুৱক-যুৱতীসকল সশস্ত্ৰ পন্থাৰ প্ৰতি আকৰ্ষিত হৈছে বুলি ব্যক্ত কৰে।

কৃষক নেতাগৰাকীয়ে লগতে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ব্যৰ্থ হোৱাৰ অভিযোগ অভিযোগ তোলে।