নিজৰ টুইটাৰৰ সমীক্ষাতে মুখথেকেচা খালে বিজেপিৰ আই টি চেলৰ মুৰব্বীয়ে

image_710x400xt

বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালব্য।

এখন এখনকৈ কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনত উজুটি খোৱাৰ পাছত এইবাৰ টুইটাৰৰ সমীক্ষাত বেয়াকৈ মুখথেকেচা খালে বিজেপিৰ আই টি চেলৰ মুৰব্বীয়ে।

বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালব্যই তেওঁৰ টুইটাৰ হেণ্ডলত এক সমীক্ষা চলাইছিল য’ত তেওঁৰ মতৰ বিপক্ষে অধিকাংশই ভোট দিয়ে।

নিজেই প্ৰস্তুত কৰা সমীক্ষাত পৰাজিত হোৱাৰ পাছত গেৰুৱা দলৰ আই টি মুৰব্বীগৰাকী টুইটাৰত ব্যাপক ট্ৰোলৰ সন্মুখীন হয়।

অমিত মালব্যই শুকুৰবাৰে পুৱা তেওঁৰ টুইটাৰ হেণ্ডলত এক সমীক্ষাৰ আয়োজন কৰে।

টুইটাৰ য়ুজাৰসকলৰ উদ্দেশ্যে তেওঁ লিখে,’’সাংবাদিক ৰাজদ্বীপ সৰদেশাই আইচিছৰ প্ৰচাৰক হোৱা উচিত।‘’

তেওঁ ইয়াৰ সপক্ষে আৰু বিপক্ষে ভোট বিচাৰি চাৰিটা অপশ্যন দাঙি ধৰে। সেইমতে ব্যৱহাৰীকাৰীসকলে “সহমত’, “সহমত নহয়’, “একেবাৰে সহমত নহয়’ আৰু “প্ৰাসংগিক নহয়’ এই চাৰিটা বিকল্পত ভোট আহ্বান কৰে।

শনিবাৰে এই টুইটাৰ সমীক্ষাত দেখা যায় যে ১ লাখ ৪০ হাজাৰ ২৮৭ টা ভোটৰ ভিতৰত অংশগ্ৰহণকাৰীসকলৰ মাজৰ মাত্ৰ ২৮ শতাংশইহে অমিতৰ লগত সহমত পোষণ কৰে।

আনবাতে, “সহমত নহয়’ অপশ্যনত ভোট পৰে ৩৩ শতাংশৰ আৰু “একেবাৰে সহমত নহয়’ অপশ্যনত ২৬ শতাংশই ভোট দিয়ে। বাকী ১৩ শতাংশ লোকে চতুৰ্থ অপশ্যনত ভোট দিয়ে।

ইপিনে, মালব্যৰ বিপৰীতে টুইট কৰি সাংবাদিক ৰাজদ্বীপ সৰদেশাইয়ে লিখে: ‘’বন্ধু, আপুনি এই নিৰ্লজ নিন্দা চলাই যাওক। নতুন বছৰত মোৰ সংকল্প, মই শান্ত থাকিম।‘’

তদুপৰি সৰদেশাইয়ে তেওঁক নতুন বছৰৰ শুভেচ্ছাও জনায়। পিচে, সমীক্ষাত হাৰি টুইটাৰত ট্ৰোলৰ সন্মুখীন হয় অমিত মালব্য।

এজন টুইটাৰ য়ুজাৰে লিখিছে: ‘’বিজেপিৰ আই টি চেলৰ মুৰব্বীয়ে নিৰ্বাচনত হাৰি গ’ল।‘’

আন এজনে লিখিছে: ‘’এয়াতো ওলোটা ইভিএম হেকিং হৈছে। আই টি মুৰব্বীয়ে ভিন্ন মতৰ অপশ্যনক দুভাগত বিভক্ত কৰি দিছে যাতে অধিক ভোটৰ ব্যৱধানত হাৰিব লগা নহয়।‘’

শেহতীয়াভাৱে দেশজুৰি বিজেপি বিৰোধী শক্তি প্ৰায় একত্ৰিত হোৱাৰ দিশে আগবাঢ়িছে আৰু বিভিন্ন সময়ত তাৰ প্ৰতিফলনো ধৰা পৰিছে।