বিজেপিৰ ‘জয় শ্ৰী ৰাম’ ধ্বনিত প্ৰতিফলিত হয় ঘৃণা আৰু ৰুঢ়তা! মন্তব্য গৌৰৱ গগৈৰ

Gaurav Gogoi

বিজেপিৰ সদস্যসকলে যি ‘জয় শ্ৰী ৰাম’ ধ্বনি দিয়ে, সেই ধ্বনিত প্ৰতিফলন ঘটে ৰুঢ়তা আৰু ঘৃণাৰ! আজি লোকসভাত এই বিস্ফোৰক মন্তব্য কৰে কংগ্ৰেছ নেতা তথা কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে।

শাসকীয় বিজেপিক তীব্ৰ আক্ৰমণ চলাই গৌৰৱ গগৈয়ে এই মন্তব্য কৰিছে। কংগ্ৰেছ সাংসদগৰাকীয়ে লগতে বিজেপিক সোঁৱৰাই দিয়ে, ভগৱান ৰাম সকলোৰে আৰু সকলো সময়তে সকলোৰে লগত থাকে।

গৌৰৱ গগৈৰ মতে, ‘ৰাম ৰাজ্য’ৰ সংজ্ঞাৰ অৰ্থ হ’ল এনে এক যুগ, য’ত সকলো লোকেই সুখী হয়। কিন্তু বৰ্তমান সময়ত দেশৰ নিপীড়িত, পিছপৰা শ্ৰেণী আৰু সংখ্যালঘুসকল সুখী নে বুলি প্ৰশ্ন কৰে কংগ্ৰেছ সাংসদগৰাকীয়ে।

এই প্ৰসংগতে তেওঁ অনুসূচিত জাতিৰ বিৰুদ্ধে অপৰাধ বাঢ়িছে আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ শিক্ষা আৰু চৰকাৰী চাকৰিৰ ক্ষেত্ৰত বৈষম্য অনুভৱ কৰাৰ বাবেই জাতিগত লোকপিয়লৰ দাবী জনাইছে বুলি মন্তব্য কৰে।

গগৈয়ে কয়, “জয় শ্ৰী ৰাম ধ্বনিত প্ৰেম আৰু সদিচ্ছা প্ৰতিফলিত হ’ব লাগিব। কিন্তু আপোনালোকৰ জয় শ্ৰী ৰাম ধ্বনীত ক্ৰোধ আৰু ঘৃণা প্ৰতিফলিত হয়। আপোনাৰ হৃদয় ঘৃণাৰে ভৰি থাকিলে, আনৰ ওপৰত গুলী চলালে বা আন ধৰ্মৰ পূজাস্থলী অপবিত্ৰ কৰিলে আপুনি ‘ৰাম ভক্ত’ হ’ব নোৱাৰে।”

গগৈয়ে লগতে স্পষ্ট কৰি যে কংগ্ৰেছে ধৰ্মনিৰপেক্ষতাত বিশ্বাস কৰে। “ভাৰত এখন ধৰ্মীয় দেশ। আমি কেৱল কোনো এখন শাস্ত্ৰত নহয়, সকলো ধৰ্মৰ সমতাত বিশ্বাস কৰোঁ।”- গৌৰৱ গগৈয়ে কয়।

তেওঁ লগতে কয় যে কংগ্ৰেছ দলে সকলোকে একত্ৰিত কৰিব বিচাৰে আৰু এয়া ভাৰতৰ পৰম্পৰা। সেয়েহে বিজেপিয়ে গান্ধী হত্যাকাৰী নাথুৰাম গডছেৰ পথ এৰিব লাগিব তথা গডছে পূজাৰ পৰম্পৰা বন্ধ কৰিব লাগিব বুলি সকীয়াই দিয়ে গৌৰৱ গগৈয়ে।

ইফালে বিজেপিয়ে অহংকাৰৰ বাবে মুদ্ৰাস্ফীতি, অসহিষ্ণুতা, সংখ্যালঘুৰ বিৰুদ্ধে হিংসা দেখা নাই বুলি দাবী কৰি গগৈয়ে ‘ৰাৱনক তেওঁৰ অহংকাৰৰ বাবেই হত্যা কৰা হৈছিল’ বুলি ইংগিতপূৰ্ণ মন্তব্য কৰে।

গৌৰৱ গগৈয়ে কয়, “এই দেশৰ জন্ম ২০১৪ বা ২০২৪ চনৰ ২২ জানুৱাৰীত হোৱা নাছিল। ভগৱান ৰাম সদায় আমাৰ লগত আছে, ৫০০ বছৰ আগতেও আছিল আৰু ভৱিষ্যতেও থাকিব। ৰাম আমাৰ হৃদয়ত আছে।”