আজি বিশ্ব স্বাস্থ্য দিৱস৷ এই দিৱসৰ দিনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱালে ক’ৰ’না ভাইৰাছৰ সৈতে দৃঢ়তাৰে যুঁজা চিকিৎসক, নাৰ্ছ, ধাত্ৰী সকলক সামাজিক মাধ্যমৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰে৷
আজি বিশ্ব স্বাস্থ্য দিৱসৰ দিনাই শাসকীয় দলৰ এজন বিধায়কে চিকিৎসক এগৰাকী দৰিদ্ৰ অসুস্থ মহিলাক চিকিৎসা কৰে৷ বিধায়কজন হ’ল বোকাজান সমষ্টিৰ বিধায়ক ডাঃ নোমল মমিন৷
নিজ সমষ্টিৰ অসম নাগালেণ্ড সীমান্তৰ ক্ৰামছাঁ মডেল গাঁৱত আজি পুনৰ চিকিৎসকৰ ৰূপত দেখা গ’ল বিধায়ক ডাঃ নোমল মমিনক। বিশ্ব স্বাস্থ্য দিৱসৰ দিনা এগৰাকী দৰিদ্ৰ মহিলাক চিকিৎসা কৰিবলৈ পোৱাৰ বাবে নিজকে সুখী বুলি ব্যক্ত কৰে মমিনে।
উল্লেখ্য যে, সমষ্টিৰ দৰিদ্ৰ লোকসকলক সাহায্য বিতৰণৰ এক কার্যসূচীত অংশগ্ৰহণ কৰি উভতি অহাৰ পথতে এগৰাকী অসুস্থ মহিলাক চিকিৎসা আগবঢ়োৱা দেখিবলৈ পোৱা গ’ল বিধায়কগৰাকীক।
বিধায়ক মমিনে অসুস্থ মহিলা গৰাকীক চিকিৎসা আগবঢ়োৱাৰ লগতে ১০ মিনিটৰ ভিতৰতে সুস্থ কৰি তোলাৰ লগতে চিকিৎসালয়লৈ নিয়াৰ বাবে গাড়ীৰ ব্যৱস্থাও কৰি দিয়ে। মহিলা গৰাকী শীঘ্ৰে আৰোগ্য হোৱাৰ কামনা কৰিছে বিধায়ক মমিনে ৷
নিজৰ ফেচবুকৰ পেজত চিকিৎসক বিধায়ক মমিনে আজিৰ বিশ্ব স্বাস্থ্য দিৱসৰ দিনটোতে চিকিৎসকৰ ভূমিকা পালন কৰিবৈল সুযোগ পোৱাৰ বাবে নিজকে সুখী অনুভৱ কৰে বুলি ব্যক্ত কৰাৰ লগতে তেখেতে চিকিৎসক, নাৰ্চ, পেৰামেডিকেল কৰ্মী সকলক ধন্যবাদ জ্ঞাপন কৰে ৷