NORTHEAST NOW (Assamese)

তামুলপুৰত ‘কেব’ক সমৰ্থন জনোৱা হাগ্ৰামা মহিলাৰীক আছুৰ ক’লা পতাকা প্ৰদৰ্শন

December 3, 2019 5:18 pm · এন ই নাও নিউজ
Updated: December 3, 2019 5:19 pm

সংসদৰ শীতকালীন অধিৱেশনত নাগৰিকত্ব বিধেয়ক গৃহিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে তৎপৰতা চলোৱাৰ লগে লগে প্ৰতিবাদমুখৰ হৈ পৰিছে সমগ্ৰ ৰাজ্য। ৰাজ্যৰ চাৰিওফালে কেবলৈ বিভিন্ন দল-সংগঠনে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছে।

ইয়াৰ মাজতে আজি তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই তামুলপুৰত বি পি এফ দলৰ মুৰব্বী তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক ক’লা পতাকা প্ৰদৰ্শন কৰে।

বিজেপি দলৰ ওচৰত আঁঠু লৈ নাগৰিকত্ব বিধেয়কক সমৰ্থন কৰাৰ বাবেই আজি সংগঠনটোৱে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক ক’লা পতাকা প্ৰদৰ্শন কৰে।

প্ৰতিবাদকাৰীসকলে হাগ্ৰামা মহিলাৰীক ক’লা পতাকা প্ৰদৰ্শন কৰাৰ লগতে “কেব মানি লোৱা নহ’ব, হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ” আদি প্ৰতিবাদী ধ্বনিৰেও পৰিৱেশ উত্তাল কৰি তোলে।

উল্লেখযোগ্য যে আজি দিনৰ ভাগত হাগ্ৰামা মহিলাৰী নাগ্ৰীজুলি আদৰ্শ হস্পিতালৰ শুভ উদ্বোধন কৰি ওভটি আহিছিল। আৰু সেই সময়তে তামুলপুৰৰ মটঙা চ’কত আছুয়ে হাগ্ৰামা মহিলাৰীক ক’লা পতাকা প্ৰদৰ্শন কৰে।

Related News