NORTHEAST NOW (Assamese)

নলবাৰীৰ ঘগ্ৰাপাৰত উত্তপ্ত পৰিস্থিতি : মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক’লা পতাকা প্ৰদৰ্শন আছুৰ

January 27, 2019 2:46 pm · এন ই নাও নিউজ

নলবাৰীৰ ঘগ্ৰাপাৰত আজি আছুৰ প্ৰতিবাদক কেন্দ্ৰ কৰি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক’লা পতাকা প্ৰদৰ্শন কৰাৰ পাছতে অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আছুৰ কৰ্মীসকলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এই প্ৰতিবাদ সাৱ্যস্ত কৰিছিল।

নলবাৰীত চিকিত্‍সা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপনৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নলবাৰীলৈ গৈ থকা অৱস্থাতে ঘগ্ৰাপাৰত আছু কৰ্মীৰ প্ৰতিবাদৰ সন্মুখীন হয় মন্ত্ৰীগৰাকী। ক’লা পতাকা প্ৰদৰ্শন কৰি আছুৰ কৰ্মীসকলে প্ৰতিবাদ কৰাৰ সময়তে বিজেপি সমৰ্থকে প্ৰতিবাদকাৰীক আক্ৰমণ কৰে।

বিজেপি সমৰ্থকে আছুৰ পতাকা ভৰিৰে গচকাৰ উপৰি প্ৰতিবাদকাৰীসকলৰ সৈতে সন্মুখ সমৰত অৱতীৰ্ণ হৈ পৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোতায়েন কৰা আৰক্ষী বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ পাছতে অঞ্চলটোত ব্যাপক সুৰক্ষা গঢ়ি তোলা হয়।

আনহাতে, এই প্ৰতিবাদৰ মাজতে চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিবলৈ নলবাৰীত উপস্থিত হয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, উদ্যোগ, বাণিজ্য আৰু পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

Related News