বঙাইগাঁৱত অব্যাহত ব্লেক মেনৰ আতংক : নেতৃস্থানীয় লোকৰ সৈতে জিলা উপায়ুক্তৰ বৈঠক

dc

বিগত কিছুদিন ধৰি বঙাইগাঁও জিলাৰ বইটামাৰী, সৃজনগ্ৰাম,পালপাৰা, নতুনপাৰা আদি ঠাইত ক’লা মানুহৰ বাতৰি বিয়পি পৰা সন্দৰ্ভত জিলা প্ৰশাসনে সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে।

বইটামাৰী, সৃজনগ্ৰাম আদি ঠাইত স্থানীয় লোকৰ সৈতে ৰাজহ চক্ৰ বিষয়াৰ পৰ্যায়ত ইতিমধ্যে সভা অনুষ্ঠিত কৰা হৈছে। এই সন্দৰ্ভত বঙাইগাঁও জিলাৰ উপায়ুক্ত ডা: এম এচ লক্ষ্মী প্ৰিয়াই জিলাখনৰ উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাসহ অতিৰিক্ত উপায়ুক্ত, মহকুমাধিপতি, মহকুমা আৰক্ষী বিষয়া , সংবাদ মাধ্যমৰ লোক তথা নেতৃস্থানীয় লোকৰ সৈতে এক বিশেষ আলোচনা সভাত মিলিত হয়।

সভাত বইটামাৰী, লেংটিছিঙা, মালেগড়, ৰৌমাৰী, হৰিপুৰ, পীৰাধৰা, বাতাবাৰী, দেওহাটী, চেদামাৰী, ৰাঙাপানী, অভয়াপুৰী চহৰ আদি ঠাইৰ পৰা উপস্থিত থকা গাঁওৰক্ষী বাহিনী আৰু গাঁও-পঞ্চায়তৰ সভাপতি আদি নেতৃস্থানীয় কেবাগৰাকীও লোকে ক’লা মানুহ সন্দৰ্ভত নিজৰ নিজৰ বক্তব্য দাঙি ধৰে।

তেওঁলোকে কোৱা অনুসৰি কোনেও আজিলৈকে কোনো ক’লা মানুহ দেখা নাই। গাঁওৰক্ষী বাহিনীৰ লোকেও নিজৰ বক্তব্য দাঙি ধৰে যে তেওঁলোকে নিয়মিত পহৰা দি আছে আৰু এতিয়ালৈকে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই।

সংবাদ মাধ্যমৰ কেবাগৰাকীও লোকে কয় যে পহৰা দিয়া লোকসকলে যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নকৰে তাৰ বাবে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

জিলা উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াই কয় যে জিলা প্ৰশাসনৰ লগত সমাজৰ নেতৃস্থানীয় লোকসকলে সহযোগিতাৰে কাম কৰিব লাগিব যাতে সাধাৰণ ৰাইজ এনেধৰণৰ উৰাবাতৰিৰ দ্বাৰা আতংকিত নহয়।

উদ্দেশ্য প্ৰণোদিতভাৱে কিছুমান লোকে এনে বাতৰি বিয়পাই নিজৰ অসৎ অভিপ্ৰায় পূৰণ কৰিব বিচাৰিছে।

উপায়ুক্তগৰাকীয়ে কয় যে আৰক্ষী অধীক্ষকে গাঁওৰক্ষী বাহিনীৰ লোকক মাতি আনি সভা পাতিব লাগে  আৰু নিজৰ নিজৰ এলেকাৰ সাধাৰণ ৰাইজক বুজাব লাগে যে ক’লা মানুহ বুলি একো কোনেও প্ৰত্যক্ষভাৱে দেখা নাই আৰু ৰাতি পুলিচ পেট্ৰোলিং তীক্ষ্ণ কৰিব লাগে।

আনহাতে জিলা পৰিষদে গাঁও-পঞ্চায়ত এলেকাসমূহত মাইকযোগে ৰাইজক ক’লা মানুহৰ উৰাবাতৰিত আতংকিত নহ’বলৈ আহ্বান জনাব লাগে। গাঁও-পঞ্চায়তৰ ৱাৰ্ডবোৰতো সভা পাতিব লাগে।

গাঁৱৰ মহিলাসকলকো বুজাব লাগে যে কিবা অনাকাংক্ষিত ঘটনা সংঘটিত হ’লে আৰক্ষী আৰু প্ৰশাসনৰ লোকক জনাব লাগে।কিছুমান মানুহে হয়তো ক’লা মানুহৰ আতংক বিয়পাই নিজে শত্ৰু জ্ঞান কৰা লোকৰ ওপৰত প্ৰতিশোধ লোৱাৰ অভিসন্ধি কৰিব পাৰে।

গতিকে আমি জনসাধৰণৰ মাজত সজাগতা আনিব লাগিব। আনহাতে

সভাত জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই কয় যে সময়ে সময়ে কিছুমান দুষ্ট লোকে নিজৰ উদ্দেশ্য সিদ্ধিৰ বাবে কিছুমান ভিত্তিহীন বাতৰি বিয়পায়।

গতিকে কিবা অবাঞ্চিত ঘটনা সংঘটিত হ’লে আৰক্ষী প্ৰশাসনক জনাবলৈ নেতৃস্থানীয় লোকসকলক তেওঁ আহ্বান জনায়। সেইদৰে তেওঁ সংবাদ মাধ্যমৰ লোকসকলক আহ্বান জনায় যাতে কোনো ভিত্তিহীন বাতৰি সংবাদ মাধ্যমত প্ৰচাৰ নকৰে।