নন্দেশ্বৰ তালুকদাৰৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বঙাইগাঁৱত ৰক্তদান শিবিৰ অনুষ্ঠিত

প্ৰবীণ স্বাধীনতা সংগ্ৰামী তথা অসমৰ বাওঁপন্থী আন্দোলনৰ পুৰোধা ব্যক্তি নন্দেশ্বৰ তালুকদাৰৰ জন্ম শতবাৰ্ষিকী উপলক্ষে চি পি আই ( এম ) ৰ বঙাইগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত ভাকাৰিভিটাস্থিত দলীয় কাৰ্যালয়ত এক ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়।

এই ৰক্তদান শিবিৰটো উদ্ধোধন কৰে স্বাস্থ্য বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ফিৰোজ আহমেদে ৷

শিবিৰ উদ্ধোধনী অনুষ্ঠানত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সেৱা সঞ্চালক ডাঃ ভূপেন বৈশ্য , বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকৰ দায়িত্বত থকা ডাঃ কচেৰ আলি আহমেদ , পশ্চিম অসম ৰক্তদাতা সমিতিৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি ৰণজিৎ পাল , জ্যেষ্ঠ অধিবক্তা ধ্ৰুৱ জ্যোতি মুখাৰ্জী , চি পি আই ( এম ) ৰ জিলা সম্পাদক পৰিমল চক্ৰৱৰ্তী , আঞ্চলিক সমিতিৰ সম্পাদক হৰেশ্বৰ দাস আদি উপস্থিত থাকে ৷

এই শিবিৰত উপস্থিত থকা চিকিৎসক তথা বিশিষ্ট ব্যক্তি সকলে ৰক্তদান তথা নেত্ৰদানৰ প্ৰয়োজনীয়তাৰ বিষয়ে বহলাই ব্যাখ্যা কৰে আৰু এইবোৰ বিষয়ত ৰাইজক সচেতনভাৱে আগবাঢ়ি আহিবলৈ আহ্বান জনায় ।

ৰক্তদান শিবিৰত ২৫ জন ৰক্তদাতাই ৰক্তদান কৰে । এই অনুষ্ঠানত ৰক্তদান কৰা আৰু বিভিন্ন ধৰণে সহযোগিতা কৰা সকলো ব্যক্তিলৈ চি পি আই ( এম )ৰ বঙাইগাঁও আঞ্চলিক সমিতিৰ পৰা ধন্যবাদ জ্ঞাপন কৰা হয় ।

উল্লেখ্য যে জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি অহা ১৩ নৱেম্বৰত বীৰঝৰা পাব্লিক লাইব্ৰেৰী প্ৰেক্ষাগৃহত পুৱা ১১ বজাৰ পৰা এখন আলোচনা সভাৰ আয়োজন কৰা হৈছে ।

উক্ত আলোচনা সভাত প্ৰবীণ বাওঁপন্থী নেতা হেমেন দাস আৰু চি পি আই ( এম ) ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য সুপ্রকাশ তালুকদাৰ অলোচক হিচাবে উপস্থিত থাকিব ৷