বিলাসী গাড়ীতকৈ অধিক মূল্যৰ BMWৰ দুখন আকৰ্ষণীয় বাইক মুকলি

bmw3_052120100330 new

প্ৰতিনিধিত্বমূলক ফাইল ফটো।

ভাৰতত BMWক বিলাসী বাহনৰ বাবে জনা যায় যদিও এইবাৰ ই ভাৰতীয় বজাৰত দুখনকৈ আকৰ্ষণীয় বাইক মুকলি কৰিছে।

ক’বলৈ গ’লে এয়া বাইক যদিও ইয়াৰ দাম বিলাসী কাৰতকৈয়ো অধিক।

BMWয়ে বৃহস্পতিবাৰে ভাৰতীয় বজাৰত দুখন BMW F 900 R আৰু BMW F 900 XR বাইক মুকলি কৰি দিছে।

দেখাত অতি আকৰ্ষণীয় বাইক দুখন মুকলি কৰাৰ লগে লগেই ইয়াৰ বুকিঙো আৰম্ভ হৈছে।

BMW F 900 R বাইকখনৰ প্ৰাথমিক মূল্য ৯.৯০লাখ টকা আৰু ইয়াৰ কেবল ষ্টেণ্ডাৰ্ড ভেৰিয়েন্টহে পোৱা যাব।

আনহাতে, BMW F 900 XR বাইকখনৰ ষ্টেণ্ডাৰ্ড আৰু প্ৰ’ মডেল দুটা ভেৰিয়েন্ট বজাৰত মুকলি কৰি দিয়া হৈছে।

BMW F 900 XRৰ ষ্টেণ্ডাৰ্ড ভেৰিয়েন্টৰ দাম ১০.৫০লাখ টকা আৰু প্ৰ’ মডেলৰ দাম ১১.৫০ লাখ টকা ধাৰ্য কৰা হৈছে। ভাৰতলৈ এই বাইক বিদেশত নিৰ্মাণ হৈ আহিব।

BMWৰ দুয়োখন বাইকৰ লুক যেনেকৈ আকৰ্ষণীয়, তেনেকৈ ইঞ্জিনো শক্তিশালী।

ইয়াত 895ccৰ ইঞ্জিন দিয়া হৈছে। পলকতে গতি ল’ব পৰা এই স্পৰ্টছ বাইকে মাত্ৰ ৩.৬ ছেকেণ্ডতে ০-১০০ কিলোমিটাৰ প্ৰতি ঘন্টাত বেগত দৌৰিব পাৰে।

ইয়াৰ সৰ্বোচ্চ গতি প্ৰতিঘন্টাত ২০০ কিলোমিটাৰতকৈয়ো অধিক।

BMWৰ এই বাইকত সুৰক্ষাৰ দিশটোত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে।