NORTHEAST NOW (Assamese)

ডাঙৰ খবৰ:  গংগাত বুৰিল নাও, কেইবাজনৰ মৃত্যু হোৱাৰ আশংকা

May 19, 2024 7:29 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে বিহাৰত। বিহাৰত গংগাত ডুব গৈছে এখন যাত্ৰীবাহী নাও। দেওবাৰে পুৱা সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনাটো।

জানিব পৰা মতে, বিহাৰৰ পাটনা অঞ্চলত কেইবাজনো যাত্ৰী থকা নাওখন গংগাত ডুব যায়।

মনেৰ থানাৰ বিষয়া সুনীলকুমাৰ ভগতে সংবাদ মাধ্যমক জনোৱা মতে দেওবাৰে ৰাতিপুৱা ৭-৮ বজাত নাওখন বুৰ যায়।

উক্ত নাওখনত কেইবাজনো শ্ৰমিকৰ লগতে শাক-পাচলি কঢ়িয়াই নিয়া কেইবাজনো কৃষকো আছিল।

মহাবীৰ টোলা ঘাট পোৱাৰ ঠিক আগতেই নাওখন ডুব যায়।

ঘতনাস্থলীত উপস্থিত হৈ এছ ডি আৰ এফৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, নাওখনত ১২-১৩ জন লোক আছিল।

উল্লেখ্য যে ২০১৭ চনতো বিহাৰৰ পাটনাত এখন নাও ডুব গৈছিল। সেই দুৰ্ঘটনাত কমেও ২৪ জন লোকৰ মৃত্যু হৈছিল।

Related News