NORTHEAST NOW (Assamese)

কাজিৰঙাত বানৰ সৈতে মোকাবিলা কৰিবলৈ সাজু কৰা হৈছে একাধিক নাও

May 17, 2021 1:19 pm · ৰিদিপ শৰ্মা
Updated: May 17, 2021 4:19 pm

সমাগত বাৰিষা । বানৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈ উঠিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলো সাজু হৈ উঠিছে বাৰিষাৰ লগত মোকাবিলা কৰিবলৈ।

ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলত ৬ খনকৈ নতুন নাও বনোৱা সম্পূৰ্ণ হোৱাৰ লগতে বিছখনকৈ পুৰণি নাও মেৰামতি কৰা হৈছে।

আনহাতেদি বানৰ কবলত পৰা জীৱ-জন্তক সোনকালে উদ্ধাৰৰ ক্ষেত্ৰত নাও চলাচল কৰা বাট সমূহো পৰিস্কাৰ কৰি তুলিছে উদ্যান কৰ্তৃপক্ষই।

বিগত বৰ্ষসমূহৰ দৰেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষা প্ৰদান কৰা বন বিভাগৰ লোক সকলেও আগন্তুক বাৰিষাৰ লগত মোকাবিলা কৰিব পৰাকৈ সকলো দিশৰ পৰা সাজু হৈছে বুলিও জানিবলৈ দিয়ে বুঢ়াপাহাৰ বনাঞ্চলৰ কৰ্তৃপক্ষই।

Related News