ভয়াৱহ! বিহাৰৰ পাছত উত্তৰ প্ৰদেশতো গংগাৰ পানীত উটি আহিছে শ শ ক’ভিড ৰোগীৰ মৃতদেহ
শ শ মৃতদেহ উটি আহিছে পৱিত্ৰ গংগাৰ পানীত।
যোৱাকালি বিহাৰৰ বাক্সাৰ জিলাত এই ভয়াৱহ দৃশ্য প্ৰত্যক্ষ কৰাৰ পাছতে আজিও অনুৰূপ দৃশ্য দেখা পোৱা গৈছে।
এইবাৰ বিহাৰ নহয়, মৃতদেহসমূহ প্ৰত্যক্ষ কৰা গৈছে বাক্সাৰ পৰা ৫৫ কিলোমিটাৰ নিগলৰ উত্তৰ প্ৰদেশৰ গাজীপুৰত।
ধাৰণা কৰা হৈছে যে উত্তৰ ভাৰতৰ গাওঁসমূহৰ ক’ভিডত মৃত্যু হোৱা ৰোগীসকলৰ মৃতদেহ এইসমূহ।
ভয়াৱহ দৃশ্যসমূহ প্ৰত্যক্ষ কৰাৰ পাছতে ভাইৰাচৰ অধিক সংক্ৰমণৰ আশংকা কৰি স্থানীয় লোকসকলে প্ৰশাসনক অৱগত কৰে।
গাজীপুৰৰ স্থানীয় প্ৰশাসনে জনাইছে যে বিষয়টো সন্দৰ্ভত অনুসন্ধান চলাই থকা হৈছে।
গাজীপুৰৰ জিলা দণ্ডাধীশ এম পি সিঙে কয় যে মোদী চৰকাৰে গংগা মাতাৰ বিশুদ্ধকৰণৰ বাবে উচৰ্গা কৰি আছে আৰু বিষয়টো অনুসন্ধান চলোৱা হ’ব।