দালুৱাবাৰীত খাম চিফুঙৰ তালে তালে কঁকাল ভাঙিছে বড়ো চিখলাই; লক্ষ্য ‘বড়ো বাৰ দ’ল’

Krishnai

ফটো: নৰ্থইষ্ট নাও।

খাম-চিফুঙৰ শব্দই ৰজনজনাইছে অসম-মেঘালয় সীমান্তবৰ্তী এটা অঞ্চল ৷ “খাম চিফুঙৰ তালে তালে কঁকাল ভাঙিছে বড়ো চিখলাই ৷

আগন্তুক ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’ব ল’গা গোৱালপাৰা জিলা “বড়ো বাৰ দল” অনুষ্ঠানৰ বাবে চলিছে এই ব্যাপক আখৰা ৷

শীতৰ হেঙুলীয়া ৰ’দৰ কিৰণ পৰি জিলিকি উঠা মুকলি পথাৰখনত বড়ো যুৱতী সকলে নাচিছে “বাগুৰুম-বা, ঐ বাগুৰুম-বা”।

বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত দখনা পৰিধান কৰি ৩৫/৪০ গৰাকী যুৱতীয়ে একলগ হৈ চলাইছে বড়ো নৃত্যৰ এই আখৰা৷ এই প্ৰস্তুতি চলি আছে কৃষ্ণাইৰ নিকটৱৰ্তী দালুৱাবাৰী অঞ্চলত ৷

Also Read: Breaking মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰী প্ৰসংগকলৈ উত্তপ্ত বিধানসভা; দহ মিনিটৰ বাবে স্থগিত সদন

উল্লেখ্য যে, প্ৰতি বছৰে এই “বাৰ দল” অনুষ্ঠিত কৰি আহিছে গোৱালপাৰা জিলা বাথৌ সমাজৰ বড়ো জনগোষ্ঠী সকলে ৷

এই “বাৰ দ’ল” ত কেইবাখনো গাঁৱৰ প্ৰতিনিধি উপস্থিত থাকিব আৰু পৰম্পৰাগত ৰীতিনীতি সমূহ আগুৱাই নিয়াৰ ক্ষেত্ৰত, মহিলা-যুৱতীসকলৰ বিভিন্ন সমস্যা তথা আগুৱাই নিয়াৰ ক্ষেত্ৰত আলোচনা কৰাৰ লগতে পূৰ্বৰ পৰা চলি অহা কিছু নীতি নিয়ম এই “বাৰ দ’লতে” সংশোধন কৰে বড়ো ৰাইজে ৷

ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’ব লগা এই অনুষ্ঠানৰ প্ৰস্তুতি ডিচেম্বৰ মাহৰ পৰাই আৰম্ভ কৰিছে উদ্যোক্তাসকলে।