বড়োভূমিত সুকীয়া বড়ো ৰাজ্য নহয় বুলি ক’বলৈ হিমন্ত বিশ্ব শৰ্মা কোন? পৃথক বড়োলেণ্ড নোপোৱালৈকে বড়োলেণ্ডৰ দাবী চলিয়েই থাকিব৷ বড়ো ৰাইজ হিমন্ত বিশ্ব শৰ্মাৰ কথামতে নচলে বুলিও স্পষ্ট কৰি দিছে বড়ো নেছনেল ষ্টুডেণ্টচ ইউনিয়ন চমুকৈ বনছুৰ নেতৃবৃন্দই।
বৃহস্পতিবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাৱত আয়োজিত এখন সংবাদ মেলত বনছুৰ সম্পাদক নৱজ্যোতি স্বৰ্গীয়াৰীয়ে অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি কয় যে ভাৰতৰ সংবিধান চুই মুখ্যমন্ত্ৰী হিচাপে তেওঁ সাংবিধানিক নীতি অনুসৰি ৰাইজৰ সেৱা কৰিব বুলি শপত গ্ৰহণ কৰিছিল৷
লগতে পঢ়ক: ক’ভিডৰ গইনালৈ অসমত বিয়াগোম কেলেংকাৰী, মুখ্যমন্ত্ৰীৰ পৰিয়াললৈ অভিযোগৰ আঙুলি অজাপৰ
এসময়ত নিষিদ্ধ ঘোষিত সশস্ত্ৰ সংগঠন আলফাৰ সদস্য হৈও মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰা মুখ্যমন্ত্ৰীৰ মুখত এনে অসাংবিধানিক ভাষ্য শোভা নেপাই বুলিও কয় ছাত্ৰ নেতা গৰাকীয়ে৷
ছাত্ৰ নেতা গৰাকীৰ বিস্ফোৰক মন্তব্য যে এবছু, এনডিএফবি, বিএলটিক ঘূৰাব পাৰিব৷ কিন্তু বড়ো ৰাইজক নোৱাৰে৷ যেতিয়ালৈকে পৃথক বড়োলেণ্ড সুকীয়া ৰাজ্য গঠন নহয় তেতিয়ালৈকে ‘ন’ বড়োলেণ্ড ন’ ৰেষ্ট,উই ৱান্ট বড়োলেণ্ড’ৰ দাবী চলিয়েই থাকিব বুলি স্পষ্ট কৰি দিয়ে৷
কিয়নো ৰাষ্ট্ৰসংঘইও খিলঞ্জীয়া জনজাতি সকলৰ ভাষা-সাহিত্য,পৰিচয়,অস্তিত্ব ৰক্ষণাবেক্ষণৰ স্বাৰ্থত ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি-জনগোষ্ঠী সমূহক সুকীয়া ৰাজ্য প্ৰদান কৰিব পাৰা যায় বুলি ঘোষণা কৰি থৈছে৷ তেনেস্থলত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কোন হয়?
উল্লেখ্য যে সাংবিধানিক মূৰব্বী হৈও অসমৰ মুখ্যমন্ত্ৰীয়ে অবড়ো শব্দ ব্যৱহাৰ কৰি মুখ্যমন্ত্ৰীৰ পদমৰ্যদা লাঘৱ কৰিছে বুলি সংবাদ মেলখনত দাবী কৰে ছাত্ৰ নেতাগৰাকীয়ে৷
ছাত্ৰ নেতাগৰাকীয়ে লগতে গুৱাহাটীৰ শিলসাকোত খিলঞ্জীয়া জনজাতিসকলক অন্যায়ভাৱে উচ্ছেদ কৰা কাৰ্যতো চৰকাৰক সমালোচনা কৰে ৷