চিৰাঙৰ পাণবাৰী হঠাতে হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ ধ্বনিৰে মুখৰিত হৈ উঠে।
কালি কোকৰাঝাৰ জিলাৰ কাজিগাঁৱত বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিটিআৰ নামানো বুলি কোৱাৰ লগে লগে জাঙুৰ খাই উঠিছে বড়ো বিভিন্ন দল সংগঠন তথা সাধাৰণ ৰাইজ ।
আজি চিৰাং জিলাৰ বিজনীৰ পাণবাৰীত হঠাতে বিয়লি শতাধিক বড়ো পুৰুষ মহিলাই হাগ্ৰামা মহিলাৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ জনায় । বড়ো এই সকল সাধাৰণ লোকে হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ,বিটিআৰ বিৰোধী হাগ্ৰামা মুৰ্দাবাদ, হাগ্ৰামা গ’ বেক ইত্যাদি শ্লোগান দিয়াও পৰিলক্ষিত হয় ।
এই সকল প্ৰতিবাদী সাধাৰণ লোকে কয় যে হাগ্ৰামা মহিলাৰী নিজে ৰাজসাক্ষী হৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সৈতে বিটিআৰ চুক্তি স্বাক্ষৰিত কৰিছিল। মহিলাৰীয়ে বিটিআৰ চুক্তি নামানো বুলি এয়া সাংঘাতিক ভুল মন্তব্য দিছে বুলি কোৱাৰ লগতে কয় যে সেই কাৰণে আমি হাগ্ৰামা মহিলাৰীক ধিক্কাৰ জনাইছো।
যোৱা ৭ তাৰিখে কোকৰাঝাৰত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত হাগ্ৰামা মহিলাৰীয়ে নিজেই কৈছে যে বিটিআৰ চুক্তিৰ জৰিয়তে চুক্তিৰ দফাসমুহ কাৰ্য্কৰী কৰিলে বিটিআৰ আপোনা আপুনি বড়োলেণ্ড হ’ব ।
হাগ্ৰামাই নিজৰ ৰাজনৈতিক ভৱিষ্যৎ সংকটাপন্ন যেন দেখিয়ে বিটিআৰ চুক্তিৰ বিৰোধিতা কৰা বুলি দাবী কৰে । দীৰ্ঘদিন বড়োসকলৰ সঅস্ত্ৰ সংগ্ৰামৰ অন্তত বিটিআৰ চুক্তিৰ জৰিয়তে শান্তিৰ বাতাবৰণ আহিছে আৰু এই সময়ত হাগ্ৰামা মহিলাৰীয়ে চুক্তিৰ বিৰোধিতা কৰাটো অতিকে দুৰ্ভাগ্যজনক বুলিও কয় প্ৰতিবাদকাদীসকলে ।
বিটিচি চুক্তিৰ পিচতে হাগ্ৰামা মহিলাৰীয়ে বিগত ১৮ টা বছৰ একনায়কত্ববাদ চলাই বিটিচিত দুৰ্নীতিৰ পাহাৰ গঢ়াৰো অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে । তেওঁলোকে আৰু কয় যে বড়ো সাধাৰণ লোকসকলে আজি বিটিচিত অস্ত্ৰ এৰি শান্তিৰ বাবে আগবাঢ়ি অহাসকলক আগন্তক বিটিচি নিৰ্বাচনত নিৰ্বাচিত কৰাৰ যোজা চলোৱাৰ উমান পায়ে হাগ্ৰামা মহিলাৰীয়ে থৰকাচুটি হেৰুৱাইছে ।
সেয়ে তেওঁ আজি বিটিআৰ চুক্তিৰ বিৰোধিতা কৰি আবোল তাবোল বকি আছে । হাগ্ৰামা মহিলাৰীৰ এই ধৰণৰ মইমতালি এতিয়া আৰু বড়ো জনগোষ্ঠীয়ে সহ্য নকৰে বুলিও সকিয়াই দিয়ে ।