বড়োলেণ্ডক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণাৰ সম্ভাৱনা! কি আছে প্রস্তাৱিত য়ু টি চিত?

Story-6-20-1140x570

প্ৰতিনিধিত্বমূলক ফটো

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে অসমৰ বড়োলেণ্ডক কেন্দ্ৰীয় শাসিত অঞ্চল অৰ্থাৎ য়ুনিয়ন টেৰিটৰিয়েল কাউন্সিল (য়ু টি চি) হিচাপে ঘোষণা কৰাৰ এক সৰৱ চৰ্চা ছচিয়েল মিডিয়াত প্ৰকাশ পাইছে।

ৰাজ্যখনত চলি থকা ৰাজনৈতিক অস্থিৰতাৰ মাজতে ছচিয়েল মিডিয়াত আনকি প্ৰস্তাৱিত বিটিচি য়ুনিয়ন টেৰিটৰিয়েল কাউন্সিলৰ সম্ভাৱ্য ভৌগলিক তথা ই লাভ কৰিবলগীয়া বিভিন্ন ক্ষমতা সম্পৰ্কেও বিতং প্ৰকাশ পাইছে।

ছচিয়েল মিডিয়াত প্ৰকাশ পোৱা তথ্য অনুসৰি, প্ৰস্তাৱিত বিটিচি বিটিচি য়ুনিয়ন টেৰিটৰিয়েল কাউন্সিলত তিনিখন জিলা অন্তৰ্ভুক্ত কৰা হ’ব।

কোকৰাঝাৰ জিলাত দুভাগত বিভক্ত কৰি কোকৰাঝাৰ আৰু গোসাইগাঁও কৰা হ’ব। সেইদৰে বাক্সা জিলাকো দুভাগ কৰি বাক্সা আৰু মানাস দুখন কৰা হ’ব।

ওদালগুৰিৰ পৰা ভেৰাগাঁওক কৰ্তন কৰা হ’ব।

আনহাতে, শোণিতপুৰ, বিশ্বনাথ আৰু লখিমপুৰৰ পৰা দুখন নতুন জিলা কাটি উলিওৱা হ’ব। এই দুখনক মইনশ্ৰী আৰু হোলঙী নাম দিয়া হ’ব।

কোৱা হৈছে যে অনুচ্ছেদ ৩৭১(জি) অনুসৰি ভূমিৰ অধিকাৰ প্ৰদান কৰা হ’ব।

কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে কেন্দ্ৰৰ পৰা প্ৰত্যক্ষভাৱে পুঁজি লাভ কৰিব।

প্ৰকাশ পোৱা মতে, ওৰাং আৰু মানাস নতুন কেন্দ্ৰীয় শাসিত অঞ্চলৰ অন্তৰ্ভুক্ত হ’ব।

তদুপৰি, নতুন কেন্দ্ৰীয় শাসিত অঞ্চলটো উত্তৰ-পূব পৰিষদৰ সদস্য হ’ব।

আনহাতে, ইয়াৰ আন্ত:ৰাজ্যিক পাৰপত্ৰ বা ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰা হ’ব।

ছচিয়েল মিডিয়াত চলা এই চৰ্চা যদি সঁচা হয়, তেনেহ’লে অতি শীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰে ইয়াৰ ঘোষণা কৰিব পাৰে। হয়তো ২৬ জানুৱাৰিতে প্ৰস্তাৱিত বিটিচি কেন্দ্ৰীয় শাসিত অঞ্চলৰ ঘোষণা হ’ব পাৰে।