বদৌচা কাপ ফুটবল : মাৰ্ঘেৰিটাৰ উদ্বোধনী খেলত বাৰেকুৰি এফ চিৰ জয়

Screenshot_20190923_184010

ফটো : নৰ্থ-ইষ্ট নাও

বদৌচা স্প’ৰ্টছ ক্লাবৰ উদ্যোগত অসম ফুটবল ক্লাবৰ তত্ত্বাৱধানত মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থাৰ সহযোগত আজিৰ পৰা বৰগোলাইৰ খেলপথাৰত আৰম্ভ হৈছে ১১ সংখ্যক আমন্ত্ৰণমূলক আন্তঃৰাষ্ট্ৰীয় বদৌচা কাপ ফুটবল প্ৰতিযোগিতা।

উদ্বোধনী লিগ খেলখনত বাৰেকুৰি এফ চিয়ে ডুমডুমা মৰ্নিং ক্লাবক ২-১ গ’লৰ ব্যৱধানত পৰাজিত কৰে। দুয়োটা দলে গ’ল কৰাৰ কেইবাটাও সুযোগ পাইছিল যদিও দুৰ্বল ফিনিচিঙৰ বাবে মেচখন ২-১ত সমাপ্ত হয়।

পৱন চন্দ্ৰ পাঠকে পৰিচালনা কৰা আজিৰ খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে বাৰেকুৰিৰ লোহিত চেতিয়াই।

খেলৰ আৰম্ভণিতে শুভেচ্ছামূলক বক্তব্য আগবঢ়াই ভাৰত চৰকাৰৰ খাদ্য সংশাধন মন্ত্ৰী ৰামেশ্বৰ তেলী, মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা বিধায়ক ভাস্কৰ শৰ্মাই।

সাধাৰণ সম্পাদক সত্যৰঞ্জন বৰকাকতীয়ে আঁ‌ত ধৰা উদ্বোধনী অনুষ্ঠানটোত সদৌ অসম মৰাণ ছাত্ৰ সন্থাৰ সাধাৰণ  সম্পাদক নৱ মৰাণ বদৌচা কাপৰ সম্পৰ্কে ৰাইজক অৱগত কৰে।

অনুষ্ঠানটোত বিশিষ্ট অতিথি ৰূপে অসম ফুটবল সন্থাৰ সহকাৰী সম্পাদক অতুল বৰা, উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ প্ৰৱন্ধক (অপাৰেচন ) এচ পি দত্ত, মাৰ্ঘেৰিটাৰ মহকুমাধিপতি সুমিত সত্তাৱন, তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগ, উদ্যোগপতি আনন্দ গোৱেল, সন্ঞ্জীৱ কুমাৰ চৌবে, মহকুমা আৰক্ষী বিষয়া দেৱব্ৰত মৰাঙকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

উদ্বোধনী অনুষ্ঠানৰ আৰম্ভণিতে বদৌচা কাপ আৰু মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন কৰে ক্ৰমে সাংসদ ৰামেশ্বৰ তেলী  আৰু অতুল বৰাই।

ইয়াৰ উপৰি উদ্বোধনী অনুষ্ঠানত কেইবাজনো প্ৰাক্তন ৰাজ্যিক ফুটবল খেলুৱৈক সম্বৰ্ধনা জনোৱা হয়। মঙলবাৰে বিয়লি  ২:৩০ বজাত অনুষ্ঠিত হ’ব অৰুণাচল একাদশ আৰু ডুমডুমা মৰ্নিং ক্লাবৰ মাজত।