NORTHEAST NOW (Assamese)

বিজেপি সাংসদৰ বাসগৃহৰ পৰা উদ্ধাৰ ১০ বছৰীয়া নাবালকৰ মৃতদেহ

August 27, 2023 9:31 am · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ফটো।

শিলচৰ সমষ্টিৰ বিজেপি সাংসদ  ৰাজদ্বীপ ৰায়ৰ বাসগৃহৰ পৰা শনিবাৰে (২৬ আগষ্ট) উদ্ধাৰ হয় এটি ১০ বছৰীয়া নাবালকৰ মৃতদেহ।

বাতৰি অনুসৰি, মৃত নাবালক ল’ৰাটোৰ দেহ ডিঙিত কাপোৰ মেৰিয়াই থকা অৱস্থাত  উদ্ধাৰ হয়।

উল্লেখ্য যে কাছাৰ জিলাৰ শিলচৰত থকা বিজেপি সাংসদ ৰাজদ্বীপ ৰায়ৰ বাসগৃহত গৃহ সহায়ক হিচাপে কাম কৰি আছে ঘটনাৰ বলি ল’ৰাটোৰ মাতৃয়ে। ল’ৰাটো আৰু তাৰ মাতৃ ঢলাই অঞ্চলৰ বাসিন্দা।

নাবালকৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে গোচৰটোৰ অধিক তদন্ত আৰম্ভ কৰিছে অসম আৰক্ষীয়ে।

ইপিনে, সাংসদ ৰাজদ্বীপ ৰায়ে এই গোচৰৰ তদন্ত চলি আছে বুলি কৈ এই সন্দৰ্ভত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে।

Related News