হায় মানৱতা! কৰ’না আক্ৰান্তৰ মৃতদেহ জে চি বিৰে শ্মশানলৈ; ক্ষুব্ধ মুখ্য মন্ত্ৰীয়ে ল’লে এই ব্যৱস্থা

fdssfd_062720024105 new

জে চি বিৰে কৰ'না আক্ৰান্ত লোকৰ মৃতদেহ কঢ়িওৱাৰ দৃশ্য।

মানৱতাক ভূলুণ্ঠিত কৰা অতি স্পৰ্শকাতৰ ঘটনা এটা পোহৰলৈ আহিছে। অন্ধ্ৰ প্ৰদেশৰ শ্ৰীকাকুলমৰ ঘটনা এইটো।

কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত এজন লোকৰ মৃত্যুৰ পাছত তেওঁৰ মৃতদেহ জে চি বিৰে শ্মশানলৈ লৈ যোৱা হয়।

এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু ইয়াৰ পাছতে ৰাজ্য চৰকাৰ তৎপৰ হৈ পৰে।

ৰাজ্যখনৰ মুখ্য মন্ত্ৰী ৱাই এছ জগনমোহন ৰেড্ডীয়ে এই ঘটনাত দুখ প্ৰকাশ কৰাৰ লগতে দোষী বিষয়াৰ বিৰুদ্ধে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া।

মুখ্য মন্ত্ৰী ৰেড্ডীয়ে কয় যে এয়া কেৱল নিন্দনীয়ই নহয়, বৰঞ্চ অমানৱীয় আৰু ই প্ৰট’কলো উলংঘা কৰিছে।

মুখ্য মন্ত্ৰী গৰাকীয়ে দিয়া নিৰ্দেশৰ পাছত সংশ্লিষ্ট নগৰ পালিকাৰ মুৰব্বী আৰু আন এগৰাকী কৰ্মচাৰীক নিলম্বন কৰা হৈছে।

টুইটাৰৰ জৰিয়তে জগনমোহন ৰেড্ডীয়ে কয় এই সময়ত মানৱতা দেখুওৱাৰ সম, কিন্তু যিধৰণৰ কাম কৰা হ’ল ইয়াৰ দ্বাৰা মনত আঘাত পাইছো। এনে ঘটনাৰ যাতে আৰু পুনৰাবৃত্তি নঘটে।

বাতৰি অনুসৰি, কৰ’না আক্ৰান্তৰ মৃত্যুৰ পাছত চুবুৰীয়াই মৃতদেহ নিবলৈ এম্বুলেন্স অহালৈকে অপেক্ষা কৰিবলৈ অমান্তি হয়।য

ইয়াৰ পাছতে তাত উপস্থিত থকা কৰ্মচাৰীয়ে এই পদক্ষেপ গ্ৰহণ কৰে যিটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।