NORTHEAST NOW (Assamese)

গুৱাহাটীত পুনৰ উদ্ধাৰ যুৱতীৰ মৃতদেহ! ৰুক্মিনীগাঁৱৰ ভাড়াঘৰত কি হৈছিল প্ৰকৃততে?

January 10, 2025 1:02 pm · এন ই নাও নিউজ, গুৱাহাটী

গুৱাহাটী মহানগৰীত পুনৰ উদ্ধাৰ যুৱতীৰ মৃতদেহ। এইবাৰ স্থান, ৰুক্মিণীগাঁও ৰংগমঞ্চ পথৰ হাউছ নং ৮। বিছনাত শুই থকা অৱস্থাত উদ্ধাৰ কৰা হয় যুৱতীগৰাকীৰ নশ্বৰ দেহ।

মৃত যুৱতীগৰাকী গোৱালপাৰাৰ বিপ্লৱী নাথ বুলি জানিব পৰা গৈছে। ডেৰমাহ পূৰ্বে ৰুক্মিণীগাঁৱত ভাৰাঘৰ লৈছিল বিপ্লৱী নাথে। প্ৰসাধন কোম্পানী LAKMEত চাকৰি কৰাৰ উপৰিও গুৱাহাটীত অধ্যয়ন কৰি আছিল নাথে।

উল্লেখ্য যে, বুধবাৰে নিশাৰে পৰা বিপ্লৱীৰ মবাইল বন্ধ আছিল। বৃহস্পতিবাৰে নিশা প্ৰায় ১০:৩০ বজাত ঘৰৰ স্বত্বাধিকাৰী মহিলাই কেইবাবাৰো মাত দিছিল যদিও সঁহাৰি দিয়া নাছিল নাথে। পৰৱৰ্তী সময়ত ঘৰৰ গৰাকীয়ে দুৱাৰত ঠেলি দিওতে খোল খাই দুৱাৰখন।

ৰুমৰ ভিতৰত কম্বল লৈ শুই থকা অৱস্থাত প্ৰত্যক্ষ কৰে যুৱতীগৰাকীক। কিন্তু কেইবাবাৰো মতাৰ পাছত মাত নিদিয়াত সন্দেহ হোৱাত নিশাই আৰক্ষীক খবৰ দিয়ে। লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ভালদৰে নিৰীক্ষণ কৰাতহে পোহৰলৈ আহে বিপ্লৱীৰ মৃত্যুৰ কথা।

চাৰি, পাঁচদিন পূৰ্বেই বিপ্লৱী নাথৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।  অৱশ্যে এতিয়াও পোহৰলৈ অহা নাই যুৱতীগৰাকীৰ মৃত্যুৰ কাৰণ। ইফালে আজি অৰ্থাৎ শুকুৰবাৰে বিপ্লৱীৰ নাথৰ পিতৃ আৰু বায়েক গুৱাহাটীলৈ অহাৰ কথা আছিল।

ভাৰাঘৰৰ চুক্তিৰ বাবে পৰিয়ালৰ লোকক মাতি পঠাইছিল বিপ্লৱীয়ে। কিন্তু পৰিয়ালৰ লোক আহি পোৱাৰ পূৰ্বে উদ্ধাৰ হল বিপ্লৱীৰ দেহ। এতিয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতহে পোহৰলৈ আহিব বিপ্লৱী নাথৰ মৃত্যুৰ প্ৰকৃত ৰহস্য।

Related News