বগীবিল দলঙক ‘অটল সেতু’ নামৰে নামকৰণ কৰিবলৈ বিধায়ক প্ৰশান্ত ফুকনৰ পৰামৰ্শ

12regbridge1

বগীবিল দলংখন ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নামানুসাৰে ‘অটল সেতু’ হিচাপে পৰিগণিত হোৱাটো ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে আশা কৰিছে। ডিব্ৰুগড়ৰ দলীয় কাৰ্যালয়ত ভাৰতৰ অন্তিম গৰাকী ৰাষ্ট্ৰনেতা অটল বিহাৰী বাজপেয়ীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ গৈ বিধায়ক ফুকনে বগীবিল দলংখনক ‘অটল সেতু’ নামকৰণ কৰাৰ পৰামৰ্শ দিয়ে।

আন এগৰাকী বিজেপি নেতা পৰাগ দত্তই কয় যে বগীবিল দলঙক ‘অটল সেতু’ নামকৰণ কৰাটো ভাৰতীয় ৰাষ্ট্ৰনেতাগৰাকীৰ প্ৰতি উপযুক্ত শ্ৰদ্ধা জ্ঞাপন কৰা হ’ব।

বৃহস্পতিবাৰে ভাৰতৰ আটাইতকৈ শ্ৰদ্ধাষ্পদ, অজাতশত্ৰু নেতাগৰাকীলৈ দল, মতাদৰ্শ, সামাজিক মৰ্যাদা নিৰ্বিশেষে সকলো লোকেই শ্ৰদ্ধা কৰে।  

ডিব্ৰুগড়ৰ জনসাধাৰণেও ৰাষ্ট্ৰনেতাগৰাকীৰ মৃত্যুত গভীৰ শোক পালন কৰে।  জনসাধাৰণে বগীবিল দলং নিৰ্মাণত অটল বিহাৰী বাজপেয়ীৰ বলিষ্ঠ ভূমিকাৰ কথা স্মৰণ কৰে। ৰেলপথ-স্থলপথ সুবিধাযু্ক্ত বগীবিল দলঙত দ্বৈত ব্ৰডগজ ৰেলপথৰ ব্যৱস্থা থকাটো তেওঁ এইটো নিশ্চিত কৰিছিল।

উল্লেখ্য যে ২০০২ৰ ২১ এপ্ৰিল তাৰিখে চৌকিদডিঙি পথাৰত অনুষ্ঠিত অনুষ্ঠানত তেওঁ বগীবিল দলঙৰ নিৰ্মাণ আনুষ্ঠানিকভাৱে কৰিছিল।