আমেৰিকাৰ বজাৰত ভুমুকি মাৰিবলৈ সাজু অসমৰ বোকা চাউল

b-570x320

অসমৰ বোকা চাউলে (Oryza sativa) অলপতে ‘ভৌগলিক সূচক’ চিহ্ন (GI) লাভ কৰিছে। অসমৰ বিভিন্ন অংশত কোমল চাউল হিচাপেও পৰিচিত এই চাউলবিধে ‘ভৌগলিক সূচক’ চিহ্ন লাভ কৰাৰ পাছত ই আন্তৰ্জাতিক মৰ্যাদা লাভ কৰাৰ লগতে অসম যে এই চাউলবিধৰ উৎস সেই সত্যটোও আন্তৰ্জাতিক ক্ষেত্ৰত স্বীকৃত হ’ল। শেহতীয়াকৈ এই চাউল বিধে আমেৰিকাৰ বজাৰত ভুমুকি মাৰিবলৈ ওলাইছে।

লছ এঞ্জেলিছ নিবাসী প্ৰৱাসী ভাৰতীয় নীতীন পেটেলে অসমৰ বোকা চাউলক আমেৰিকাত জনপ্ৰিয় কৰাৰ বিষয়ত আগ্ৰহ প্ৰকাশ কৰিছে বুলি নলবাৰীৰ এটা বেচৰকাৰী সংস্থাই জনাইছে।

উল্লেখ্য যে নলবাৰীৰ লটাছ প্ৰগ্ৰেছিভ চেণ্টাৰ (Lotus Progressive Centre) নামৰ নলবাৰীৰ এটা স্থানীয় বেচৰকাৰী সংস্থাই বৰ্তমান নলবাৰীৰ অন্তৰ্গত ৪৫খন গাঁৱত স্থানীয় ধান আৰু চাউল সংৰক্ষণৰ কামত ব্ৰতী হৈ আছে। এই সংস্থাটোৰ সৈতেই প্ৰবাসী ভাৰতীয় নীতীন পেটেলে যোগাযোগ কৰি বোকা চাউলক আমেৰিকাত জনপ্ৰিয় কৰাত আগ্ৰহ ব্যক্ত কৰিছে।

অসমত উৎপাদিত বোকা ধানৰ পৰা বিশেষ পদ্ধতিৰে উখোৱাই তাৰ পাছত ৰ’দত শুকুৱাই এই চাউলবিধ প্ৰস্তুত কৰা হয়। ইয়াৰ বিশেষত্ব হৈছে এই যে এই চাউলবিধ সাধাৰণ বায়ুমণ্ডলীয়া উষ্ণতাত পানীত তিয়াই থলেই খোৱাৰ বাবে উপযোগী হৈ পৰে। ইয়াৰ উপকাৰিতা আৰু গৰমৰ দিনত খোৱাৰ পাছত দেহত এটা শীতলকাৰী প্ৰভাৱ পৰে বাবে বিশেষকৈ গ্ৰাম্য সমাজত ই বহুত সমাদৃত।

মোগলৰ আক্ৰমণৰ সময়ত আহোম সৈন্যসকলে এই বোকা চাউলৰ ওপৰতেই বৰ্তি আছিল। বিশেষকৈ নামনি অসমৰ নলবাৰী, বৰপেটা, দৰং, গোৱালপাৰা, বাক্সা, কামৰূপ, ধুবুৰী, কোকৰাঝাৰ, বোকা চাউলৰ খেতি কৰা হয়।

লটাছ প্ৰগ্ৰেছিভ চেণ্টাৰৰ মতে নলবাৰীত ৭০,০০০ হেক্টৰ কৃষিভূমি আছে আৰু ইয়াৰে ৩,৫০০ হেক্টৰ কৃষিভূমিত অকল বোকা ধানৰ খেতি কৰা হয়। টেলিগ্ৰাফ কাকতত প্ৰকাশিত এটা প্ৰতিৱেদন অনুসৰি, এক হেক্টৰ কৃষিভূমিত ১.২ ৰ পৰা ১.৩ টন বোকা চাউল উৎপন্ন হয়।

বোকা চাউল দৈ, মিঠৈ, এৱাঁ গাখীৰ, চেনী আদিৰে সৈতে পৰম্পৰাগত খাদ্য সম্ভাৰ বিশেষকৈ জলপান হিচাপে খোৱা হয়।