আফ্রিকান চোৱাইন ফিভাৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে বোকাখাতত ১৪৪ ধাৰা বলবৎ প্ৰশাসনৰ

ফটো : নৰ্থ-ইষ্ট নাও

ৰাজ্যৰ বিভিন্ন জিলাত আফ্রিকান চোৱাইন ফিভাৰৰ সংক্ৰমনত বহু সংখ্যক গাহৰিৰ  মৃত্যু হোৱাৰ ঘটনাৰ বাবে বোকাখাত মহকুমা প্ৰশাসনে বুধবাৰে এখন জৰুৰী সভাৰ আহ্বান কৰে।

মহকুমাধিপতিৰ কাৰ্য্যালয় কক্ষত অনুষ্ঠিত এই সভাত মহকুমাধিপতি বিবেক শ্যামে কোনো কাৰণতে যাতে বোকাখাত মহকুমাত এই ৰোগ বিয়পিব নোৱাৰে তাৰ প্ৰতি সতৰ্ক হ’বলৈ সকলোকে আহ্বান জনায়।

তদুপৰি গাহৰি পালক সকলৰ মাজত আফ্রিকান চোৱাইন ফিভাৰ সন্দৰ্ভত সজাগতা আনিবৰ বাবে মহকুমা পশু চিকিৎসা বিভাগক গ্ৰামাঞ্চল আৰু চাহ বাগিচা সমূহত সজাগতা সভা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে।

আফ্ৰিকান স্বোৱাইন ফিভাৰ যাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনৰীয়া গাহৰিলৈ সংক্ৰমিত নহয় তাৰ বাবে যাৱতীয় ব্যৱস্থা ল’বলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষকো নিৰ্দেশ দিয়ে।

এইক্ষেত্ৰত উদ্যান কৰ্তৃপক্ষক কাজিৰঙাৰ দাঁতি কাষৰীয়া গাঁও সমূহত সজাগতা সভা অনুষ্ঠিত কৰিবলৈ আহ্বান জনায়।

মহকুমাটোত আফ্ৰিকান চোৱাইন ফিভাৰৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে বোকাখাত মহকুমা প্ৰশাসনে সমগ্ৰ মহকুমাত ১৪৪ ধাৰা জাৰি কৰি যাৰ পথাৰ, আলি-পদুলি বা যিকোনো খোলা ঠাইত গাহৰি চৰোৱা,  গাহৰি কটা তথা ক্ৰয় বিক্ৰয় কৰা, মৰা গাহৰি নদী, খাল-বিল-পুখুৰী তথা মুকলি ঠাইত পেলোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে।

ইয়াৰ উপৰি মানুহক গাহৰিৰ সংস্পৰ্শলৈ অহাতো বাধা আৰোপ কৰিছে। মহকুমাধিপতিয়ে কৰা ঘোষণা মতে মহকুমা পশু চিকিৎসা বিভাগ তথা মহকুমা প্ৰশাসনৰ পৰা গাহৰিৰ মৃত্যু, যিকোনো ৰোগৰ  লগতে আফ্ৰিকান চোৱাইন ফিভাৰৰ লক্ষনৰ তথ্য  লুকুৱাই ৰখাটো অপৰাধ হিচাপে গণ্য কৰা  হ’ব।

কোনো ব্যক্তিয়ে এই নিষেধাজ্ঞা ভংগ কৰিলে ভাৰতীয় দণ্ড বিধি আইন ১৮৮ ধাৰাৰ অধীনত শাস্তি প্ৰদান কৰা হব বুলিও জনাইছে।

বুধবাৰৰ এই সভাত বোকাখাত মহকুমা সহকাৰী আয়ুক্তদ্বয় শান্তনু গগৈ আৰু ৰণনময় ভৰদ্বাজ, মহকুমা পশু-পালন ও চিকিৎসা বিষয়া ডা৹ ৰঞ্জিত বৰা, পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ বন সংমণ্ডল  প্ৰাধিকাৰী  ৰমেশ কুমাৰ গগৈ, কৰবেট ফাউণ্ডেচনৰ উপ সঞ্চালক ডাঃ নবীন পাণ্ডে, মহকুমা শ্ৰম বিষয়া ডাঃ ভাস্কৰ মিলি উপস্থিত থাকে।